ফেব্ৰুৱাৰী মাহক প্ৰেমৰ মাহ বুলি গণ্য কৰা হয় আৰু ভেলেণ্টাইন উইকে এই প্ৰেমক বিভিন্ন ধৰণে উদযাপন কৰাৰ এক বিশেষ সুযোগ প্ৰদান কৰে।
ইফালে ১০ ফেব্ৰুৱাৰীক টেডী দিৱস হিচাপে পালন কৰা হয়, যি এই সপ্তাহৰ চতুৰ্থটো দিন। এই দিনটোত মানুহে নিজৰ সংগীক টেডি বিয়াৰ (পুতলা ভালুক) উপহাৰ দিয়ে। ই আপোনজনৰ সন্মুখত মৰম আৰু আৱেগ প্ৰকাশৰ এক উত্তম উপায়। ই হৈছে প্ৰেমৰ প্ৰতীক।
আমেৰিকাৰ ২৬ সংখ্যক ৰাষ্ট্ৰপতি থিয়ডৰ ৰুজভেল্টৰ নামেৰে এই টেডি বিয়াৰৰ নামকৰণ কৰা হৈছে। ১৯০২ চনত ৰুজভেল্টে চিকাৰলৈ গৈছিল, য’ত এটা ভালুক ধৰি তেওঁৰ ওচৰলৈ অনা হয় যদিও তেওঁ ভালুকটোক হত্যা কৰিবলৈ অস্বীকাৰ কৰিছিল। এই ঘটনাৰ কাহিনী বাতৰি কাকতত প্ৰকাশ পাইছিল আৰু পিছলৈ খেলনা কোম্পানী এটাই ইয়াৰ আধাৰত এটা মৰমলগা ভালুক নিৰ্মাণ কৰিছিল, যাৰ নাম ৰখা হৈছিল “টেডি বিয়াৰ”। তেতিয়াৰ পৰাই ই প্ৰেম আৰু কোমলতাৰ প্ৰতীক হৈ পৰে।
এই দিনটোত বহুজনেই বিশেষ ডেট নাইট, গিফ্ট হেম্পাৰ বা ছাৰপ্ৰাইজৰ পৰিকল্পনা কৰি নিজৰ প্ৰেম প্ৰকাশ কৰে আৰু লগতে নিজৰ সংগীক টেডি উপহাৰ দিয়ে। যিয়ে তেওঁলোকৰ সম্পৰ্কলৈ মধুৰতা কঢ়িয়াই আনিব পাৰে।