থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী কোন সেই বিষয়ে হয়টো আপুনি জ্ঞাত, কিন্তু সেই প্ৰধানমন্ত্ৰীগৰাকীৰ সম্পত্তি জানিলে আচৰিত হৈ পৰিব আপুনি। থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী পেটংটাৰ্ণ শ্বিনাৱাট্ৰাৰ হাতত কিমান সম্পত্তি আচে সেই বিষয়ে তেওঁ নিজেই ৰাজহুৱা কৰিছে।
এটা আন্তঃৰাষ্ট্ৰীয় নিউজ এজেন্সিৰ মতে, থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী পেটংটাৰ্ণ শ্বিনাৱাট্ৰা ৪০ কোটি ডলাৰ সম্পত্তিৰ গৰাকী, অৰ্থাত তেওঁৰ আছে প্ৰায় ৩৪,৩১,১৩,৪০,০০০ ডলাৰ।
উল্লেখ্য যে, থাইলেণ্ডত এনেকুৱা এটা নিয়ম আছে য’ত প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় দুৰ্নীতি বিৰোধী আয়োগক নিজৰ সম্পত্তিৰ বিষয়ে অৱগত কৰিব লাগে আৰু নিজৰ দায়বদ্ধতাৰ বিষয়ে ঘোষণা কৰিব লাগে।
ৰাষ্ট্ৰীয় দুৰ্নীতি বিৰোধী আয়োগক দিয়া তথ্যত প্ৰধানমন্ত্ৰী পেটংটাৰ্ণ শ্বিনাৱাট্ৰাই কয় যে তেওঁৰ সম্পত্তিৰ মূল্য ৪০ কোটি ডলাৰতকৈও অধিক।
৪০ কোটি ডলাৰৰ সম্পত্তিৰ ভিতৰত তেওঁৰ ৫০ লাখ ডলাৰ মূল্যৰ ঘড়ী আৰু ২০ লাখ ডলাৰতকৈ অধিক মূল্যৰ বিলাসী হেণ্ডবেগ আছে।
থাইলেণ্ডৰ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি পেটংটাৰ্ণ শ্বিনাৱাট্ৰাৰ সম্পত্তিৰ মূল্য ৪০ কোটি ডলাৰতকৈ অধিক, ইয়াৰে ৫ বিলিয়ন থাই বাট বাকী আছে। ইয়াৰ মতে তেওঁৰ মুঠ সম্পত্তি ৮.৯ বিলিয়ন বাট।
থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী পেটংটাৰ্ণ এজন ডাঙৰ ব্যৱসায়ী তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী থাকচিন শ্বিনাৱাত্ৰাৰ কনিষ্ঠ কন্যা। ২০২৪ চনৰ ছেপ্টেম্বৰ মাহত তেওঁ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল। তেওঁ দেশৰ প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হোৱা পৰিয়ালৰ চতুৰ্থজন সদস্য।