ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ চমুকৈ আৰ এছ এছে ১০০ বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষ্যে দিল্লীত আয়োজন কৰা ‘সংঘ যাত্ৰাৰ ১০০ বছৰীয়া – নেয়ে ক্ষিতিজ’ নামৰ এক কাৰ্যসূচীৰ তৃতীয় দিনা সংঘ প্ৰধান মোহন ভাগৱতে সংবাদমেলৰ জৰিয়তে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ দিয়ে।
সংবাদমেলত মোহন ভাগৱতে জনসংখ্যা নীতি সন্দৰ্ভতো মন্তব্য কৰে। তেওঁ কয় যে হম দো ঔৰ হামাৰে তিন নীতি গ্ৰহণ কৰিব লাগে।
মোহন ভাগৱতে কয়, ‘পৃথিৱীৰ সকলো শাস্ত্ৰই কৈছে যে যিসকলৰ জন্মৰ হাৰ ৩ তকৈ কম তেওঁলোক লাহে লাহে বিলুপ্ত হৈ যায়… চিকিৎসকে মোক কয় যে বিবাহত বিলম্ব নকৰাকৈ আৰু ৩টা সন্তান জন্ম দিলে পিতৃ-মাতৃ আৰু সন্তানৰ স্বাস্থ্য ভাল হৈ থাকে। ভাৰতৰ প্ৰতিজন নাগৰিকে তেওঁলোকৰ ঘৰত ৩টা সন্তান থাকিব লাগে বুলি নিশ্চিত কৰিব লাগে।’
তেওঁ লগতে কয় যে চিকিৎসকে কোৱা অনুসৰি তিনিটা সন্তান জন্ম দিলে পিতৃ-মাতৃৰ স্বাস্থ্য ভাল হৈ থাকে। ল’ৰা-ছোৱালীয়ে নিজেই ইগো মেনেজমেণ্ট শিকে, কাজিয়া নাথাকে।
ভাৰতৰ প্ৰতিগৰাকী নাগৰিকে ভাবিব লাগে যে তেওঁলোকৰ ঘৰত তিনিটা সন্তান হ’ব লাগে। কিন্তু খৰচৰ কথা চিন্তা কৰি তিনিটাতকৈ আগ বাঢ়িব নালাগে বুলিও মন্তব্য কৰে মোহন ভাগৱতে।