ৰাজ্যত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা। নিশা সিন্ধি খান্দি ঘৰত প্ৰৱেশ কৰি এগৰাকী মহিলাৰ শ্লীলতা হানিৰ অপচেষ্টা এজন দুষ্কৃতিকাৰীৰ।
এই ঘটনা সংঘটিত হয় ধুবুৰী জিলাৰ চাপৰৰ চৰুৱাপাখৰা গাঁৱত। নিশা সিন্ধি খান্দি ঘৰত প্ৰৱেশ কৰি এগৰাকী মহিলাক প্ৰথমে শাৰিৰীকভাৱে নিৰ্যাতনৰ চেষ্টা চলায়। পিছে মহিলা গৰাকীয়ে বাধা দিয়াৰ লগতে চিঞৰ-বাখৰ লগোৱাত মহিলা গৰাকীৰ ওপৰত চলাই বৰ্বৰ আক্ৰমণ।
অভিযুক্তজনে হানি খুচি প্ৰায় মৃতপ্ৰায় অৱস্থাত পেলাই থৈ ঘৰৰ পৰা পলায়ন কৰাৰ অভিযোগ উঠে হুছেইন আলী নামৰ একেখন গাঁৱৰে এজন যুৱকৰ বিৰুদ্ধে। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা মহিলাগৰাকী বৰ্তমান বঙাইগাঁও চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত আছে।
জানিব পৰা মতে, মহিলা গৰাকীৰ স্বামী কৰ্মসুত্ৰে থাকে গুৱাহাটীত। ইয়াৰেই সুযোগ লৈ লম্পট হুছেইন আলীয়ে দীৰ্ঘদিন ধৰি মহিলা গৰাকীক বেয়া প্ৰস্তাৱ আগবঢ়াই আহিছিল। উক্ত ঘটনা সংঘটিত কৰাৰ পূৰ্বেও দিনৰ ভাগত মহিলাগৰাকীক বেয়া প্ৰস্তাৱ আগবঢ়ায়, যদিও এই প্ৰস্তাৱত মহিলাগৰাকী অমান্তি হোৱাত নিশা লম্পটজনে এই ভয়ংকৰ কাণ্ড সংঘটিত কৰে।
ইতিমধ্যে ভূক্তভোগী মহিলাগৰাকীৰ এজাহাৰৰ ভিত্তিত লম্পট হুছেইন আলীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। লগতে তেওঁৰ পৰিয়ালৰ লোকে এই ভয়ংকৰ কাণ্ডৰ লগত জড়িত দোষীক কঠোৰ শাস্তিৰ বিহিবলৈ আৰক্ষীক আহ্বান জনায়।