চুৰি কৰিবলৈ যোৱা চোৰে সদায় আৰক্ষীক এৰাই চলে। কোনো কাৰণতে যাতে আৰক্ষীৰ জালত নপৰে তাৰ বাবে, তেওঁলোকে অৱলম্বন কৰে বিভিন্ন কৌশল।
কিন্তু ৰাজস্থানৰ বিকানেৰত ঘটিছে এক আশ্চৰ্যজনক ঘটনা। নিয়ন্ত্ৰণ কক্ষত ১০০ ডায়েল কৰি চোৰে লয় আৰক্ষীৰ সহায়। আৰক্ষীক ফোন কৰি চোৰে কয়, “ হেলো পুলিচ! মই এজন চোৰ আৰু বেয়াকৈ আৱদ্ধ হৈ আছোঁ।সোনকালে আহক আৰু আমাক বচাওক।” এই কথা শুনি আচৰিত আৰক্ষী।
তেওঁলোকে ভাবি লয় যে, হয়তো কোনোবাই তেওঁলোকৰ সৈতে কৌতুক কৰিছে। কিন্তু কিছু সময়ৰ পিছত যেতিয়া তেওঁলোকে পুনৰ ফোন পাই, তেতিয়া তেওঁলোক গৈ সেই স্থানত উপস্থিত হয়। তাত দেখা দৃশ্য দেখি স্তম্ভিত হয় আৰক্ষী।
বাতৰি অনুসৰি কেইজনমান চোৰে গৈ উপস্থিত হয় বিচলাবাচৰ মদন লাল নামৰ এজন ব্যক্তিৰ ঘৰত। নিশা প্ৰায় ৩ মান চোৰকেইটা উপস্থিত হয় মদনলালৰ ঘৰত। মদনলালে নিশা নিজৰ ঘৰৰ ভিতৰৰ পৰা কিছুমান অদ্ভুত শব্দ শুনিবলৈ পায়।
তাৰ পিছত আৰক্ষীক এই বিষয়ে অৱগত কৰাৰ পৰিৱৰ্তে, মদন লালে তেওঁৰ ওচৰৰ এলেকাৰ পৰা মানুহ আৰু আত্মীয়সকলক একত্ৰিত কৰে। চোৰে যেতিয়া বাহিৰৰ পৰা ডাঙৰ শব্দ শুনিবলৈ পাই ঘৰৰ কোঠা এটাৰ ভিতৰত ভয়ত লুকাই থাকে। পিছত ১০০ নম্বৰ ডায়েল কৰি উদ্ধাৰৰ বাবে আৰক্ষীৰ সহায় বিচাৰে।