শুকুৰবাৰে কৰ্ণাটকৰ ধৰৱাড জিলাৰ ভদ্ৰপুৰ নামৰ এটা অঞ্চলত হোৱা ভয়ংকৰ দুৰ্ঘটনাত তিনিজন লোকৰ মৃত্যু হয়। এখন চাৰিচকীয়া বাহনে পিছফালৰ পৰা এখন ট্ৰাকত খুন্দা মৰাৰ ফলত লোক তিনিজনৰ থিতাতে মৃত্যু হয় বুলি জানিব পৰা গৈছে।
হাব্বালী অভিমুখে গৈ থকা অৱস্থাতে চাৰিচকায়ী বাহনখনৰ চালকে নিয়ন্ত্ৰণ হেৰুৱাই ৰৈ থকা ট্ৰাকখনত খুন্দা মাৰে। দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে চাৰিচকীয়া বাহনখন থকা তিনিওজন লোকৰ থিতাতে মৃত্যু হয়।
দুৰ্ঘটনাটোত মৃত্যু হোৱা লোকসকলক ক্ৰমে জ্ঞান সুৰেশন, জে মদনমোহন আৰু লক্ষ্মীনাৰায়ণ নাগেন্দ্ৰ বুলি চিনাক্ত কৰা হৈছে। ইতিমধ্যে ঘটনা সন্দৰ্ভত আন্নিগেৰী আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ উদঘাটনৰ বাবে তদন্ত আৰম্ভ কৰিছে।