ৱাকফ সংশোধনী বিধেয়কক লৈ চলি থকা প্ৰতিক্ৰিয়াৰ মাজতে ৰাজনৈতিক দলসমূহৰ মাজত আৰম্ভ হৈছে বোকা চটিওৱাৰ ৰাজনীতি। ইয়াৰ মাজতে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ৱাকফ সংশোধনী বিধেয়ক সন্দৰ্ভত কৰা মন্তব্যই বৃদ্ধি কৰিছে ৰাজনৈতিক উষ্ণতা।
মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে এক বিবৃতিত কয় যে ভাৰতীয় জনতা পাৰ্টিক ক্ষমতাৰ পৰা অপসাৰণ কৰাৰ লগে লগে ৱাকফ সংশোধনী বিধেয়ক বাতিল কৰা হ’ব।
তৃণমূল কংগ্ৰেছ প্ৰধান মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰক তীব্ৰ সমালোচনা কৰি ৱাকফ বিধেয়কৰ জৰিয়তে বিজেপিয়ে দেশ বিভাজন কৰাৰ অভিযোগ উত্থাপন কৰে।
তেওঁ কয় যে বিজেপিয়ে দেশক বিভাজিত কৰিবলৈ ৱাকফ সংশোধনী বিধেয়ক উত্থাপন কৰিছে, গতিকে বিজেপি চৰকাৰ আঁতৰাই নতুন চৰকাৰ গঠন হ’লে ৱাকফ বিধেয়ক বাতিলৰ বাবে তৎক্ষণাত সংশোধনী আনিব।
উল্লেখ্য যে, বুধবাৰে নিশা লোকসভাত ৱাকফ সংশোধনী বিধেয়কক লৈ ভোটদান হৈছিল। এই বিধেয়কখনৰ সমৰ্থনত ২৮৮টা ভোট আৰু ২৩২টা ভোট বিধেয়কখনৰ বিৰুদ্ধে হৈছিল। তৃণমূল কংগ্ৰেছৰ সাংসদসকলে লোকসভাত ৱাকফ বিধেয়কৰ বিৰুদ্ধে ভোটদান কৰে।
তৃণমূল কংগ্ৰেছৰ সাংসদ কল্যাণ বেনাৰ্জীয়ে মোদী চৰকাৰক আক্ৰমণ কৰি কয় যে এই সন্দৰ্ভত সংসদৰ কোনো আইন প্ৰণয়ন কৰাৰ কোনো অধিকাৰ নাই।