কলিকতাৰ আৰ জি কৰ হাস্পতালত এগৰাকী মহিলা চিকিৎসকৰ সৈতে সংঘটিত ভয়ংকৰ ঘটনা সন্দৰ্ভত মমতা চৰকাৰৰ কাম-কাজত অসন্তুষ্ট হৈ ৰাজ্যসভাৰ সাংসদ জৱাহৰ সৰকাৰে পদত্যাগ কৰে।
আজি দলৰ মুৰব্বী মমতা বেনাৰ্জীলৈ লিখা এখন পত্ৰৰ জৰিয়তে তেওঁ পদত্যাগ কৰাৰ সিদ্ধান্ত লয় বুলি উল্লেখ কৰে।
মমতা বেনাৰ্জীলৈ লিখা পত্ৰখনত জৱাহৰ সৰকাৰে উল্লেখ কৰে যে আৰ জি কৰ হাস্পতালত সংঘটিত নৃশংশ ঘটনাক লৈ চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি ভাবিছিলো। পুৰণি মমতা বেনাৰ্জীৰ দৰে ব্যৱস্থা ল’ব বুলি ভাবিছিলো। কিন্তু তেওঁ তাৎক্ষণিকভাৱে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে।
সৰকাৰে লগতে ৰাজ্যখনত অতি শীঘ্ৰে শান্তি ঘূৰি আহিব বুলিও আশা প্ৰকাশ কৰে।
তেওঁ কয়, ‘আৰ জি কৰ হাস্পতালত সংঘটিত ভয়ংকৰ ঘটনাৰ পিছৰে পৰা যথেষ্ট দুখ পাইছিলো আৰু আন্দোলনকাৰী জুনিয়ৰ চিকিৎসকসকলৰ সৈতে মমতা বেনাৰ্জীয়ে পোনপটীয়া হস্তক্ষেপ কৰিব বুলি আশা কৰিছিলে। কিন্তু এনেকুৱা নহ’ল’।
মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীলৈ লিখা পত্ৰখনত জৱাহৰ সৰকাৰে লগতে দলৰ ভিতৰচ’ৰাত হৈ থকা অনিয়ম তথা দুৰ্নীতিৰ সম্পৰ্কেও নিজৰ ক্ষোভ প্ৰকাশ কৰে।