পশ্চিম বংগৰ ৰাজনীতিত এক বৃহৎ ঘোষণা তৃণমূল কংগ্ৰেছৰ নিলম্বিত নেতা হুমায়ুন কবীৰৰ। তেওঁ নতুন দল গঠন কৰি ৰাজ্যখনৰ ২৯৪খন বিধানসভাৰ আসনৰ আটাইকেইখনত প্ৰতিদ্বন্দ্বিতা কৰিব বুলি উল্লেখ কৰিছে।
২২ ডিচেম্বৰত মুৰ্ছিদাবাদত আনুষ্ঠানিকভাৱে মুকলি কৰিবলৈ সাজু হৈছে তেওঁৰ নতুন ৰাজনৈতিক দল। আনকি দল গঠনৰ পূৰ্বেও তেওঁ স্পষ্টকৈ কৈছে যে, তেওঁৰ দলে তৃণমূল কংগ্ৰেছৰ বিৰুদ্ধে সকলো আসনত প্ৰাৰ্থী প্ৰক্ষেপ কৰিব। তেওঁ এতিয়াও নিজৰ দলৰ নাম প্ৰকাশ নকৰিলেও এখন টেবুলকে ধৰি তিনিটা নিৰ্বাচনী প্ৰতীকৰ বাবে নিৰ্বাচন আয়োগক আবেদন জনাইছে।
হুমায়ুন কবীৰে কয় যে, তেওঁৰ যুঁজ হ’ব বংগত বিজেপি আৰু টিএমচি দুয়োটা দলৰ বিৰুদ্ধে। কংগ্ৰেছ, চিপিআই(এম), ওৱাইছিৰ দলৰ সৈতে মিত্ৰতা নুই কৰা নহয় বুলিও তেওঁ ইংগিত দিছে। ইফালে, মুৰ্ছিদাবাদৰ বিভিন্ন স্থানত হুমায়ুন কবীৰৰ নতুন দলৰ বিজ্ঞাপনৰ পোষ্টাৰ ওলাবলৈ আৰম্ভ কৰিছে। মিৰ্জাপুৰ অঞ্চলত এক বৃহৎ অনুষ্ঠানৰ বাবেও এখন মঞ্চ প্ৰস্তুত কৰা হৈছে, য’ত প্ৰায় চাৰি লাখ লোক সমবেত হ’ব পাৰে বুলি দাবী কৰা হৈছে।
মুৰ্ছিদাবাদৰ ২২খন বিধানসভাৰ আসনৰ ভিতৰত কমেও ১০খন আসনত জয়ী হ’ব বুলিও দাবী কৰিছে হুমায়ুন কবীয়ে। বৰ্তমান জিলাখনৰ ২২খন আসনৰ ভিতৰত ২০খন আসন টিএমচিৰ দখল, আৰু বিজেপিৰ দুখন আসন। মন কৰিবলগীয়া যে অহা বছৰ পশ্চিম বংগত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব, আৰু ৰাজনৈতিক দলসমূহে ইয়াৰ বাবে সাজু হ’বলৈ আৰম্ভ কৰিছে।










