আজি ভগৱান শ্ৰীকৃষ্ণৰ পৱিত্ৰ জন্মোৎসৱ।শিশু কৃষ্ণৰ গুণ-গৰিমা, বন্দনাৰে মুখৰিত হৈছে দেশ তথা ৰাজ্যৰ চৌদিশ।এই দিনটোত ভগৱান শ্ৰীকৃষ্ণক একান্তমনেৰে প্ৰাৰ্থনা কৰা হয়।
কৃষ্ণ ভক্তসকলে অতি উলহ-মালহেৰে জন্মাষ্টমীৰ উদযাপনৰ প্ৰস্তুতি চলাইছে।সকলোতে অতি আড়ম্বৰপূৰ্ণভাৱে পালন কৰা হ’ব শ্ৰীকৃষ্ণৰ জন্মাষ্টমী। এই জন্মাষ্টমীৰ দিনা উপবাসে থাকিলে সকলোধৰণৰ বিপদৰ পৰা মুক্তি পোৱা যায় বুলি বিশ্বাস কৰা হয়।
ভাদ মাহৰ কৃষ্ণপক্ষৰ অষ্টমীৰ দিনা ৰোহিনী নক্ষত্ৰত ভগৱান শ্ৰীকৃষ্ণৰ জন্ম হৈছিল। সেয়েহে এই দিনটোত ভগৱান শ্ৰীকৃষ্ণৰ শিশুৰূপক পূজা কৰা হয়।
এইবাৰৰ জন্মাষ্টমীত এক বিৰল শুভ যোগৰ সৃষ্টি হ’বলৈ গৈ আছে।সুদীৰ্ঘ ৩০ বছৰৰ পাছত জন্মাষ্টমীৰ দিনা এই শুভ সংমিশ্ৰণৰ সৃষ্টি হ’ব।
এইবাৰৰ জন্মাষ্টমীৰ দিনা সৰ্বাৰ্থ সিদ্ধি যোগ, গজকেশৰী যোগ আৰু ৰাজযোগৰ সৃষ্টি হ’ব। গোপালৰ আশীৰ্বাদত সকলো বাধা-বিঘিনি দূৰ হ’ব।