আজি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সংসদত দাখিল কৰিব কেন্দ্ৰীয় বাজেট। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ তৃতীয় কাৰ্যকালৰ এইখন হ’ব প্ৰথমখন পূৰ্ণাংগ বাজেট।
দিনৰ ১১ বজাত বিত্তমন্ত্ৰীয়ে সদনত এই বাজেট দাখিল কৰিব। দিনৰ প্ৰায় ১ মান বজাত প্ৰধানমন্ত্ৰী মোদীয়ে ইয়াৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব। ইয়াৰ পাছত দিনৰ ৩ বজাত বিত্তমন্ত্ৰীয়ে সংবাদমেল সম্বোধন কৰিব।
মোডী-৩.০ চৰকাৰৰ এই বাজেটে ২০৪৭ চনৰ ভিতৰত ভাৰতক এখন উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিব বুলি সকলো আশাবাদী।
কৃষক, উৎপাদন খণ্ড, ক্ষুদ্ৰ আৰু কুটীৰ উদ্যোগৰ সৈতে জড়িত সকলোৱে এই বাজেটৰ পৰা যথেষ্ট আশা কৰিছে। এনে পৰিস্থিতত নতুন কৰ ব্যৱস্থাৰ ওপৰতো চৰকাৰে কিছু সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে। লগতে, মহিলা সকলেও এই বাজেটৰ পৰা যথেষ্ট আশা কৰিছে। ইয়াৰ উপৰিও এই বাজেটত অৰ্থনীতি, নিয়োগ, সেউজ অৰ্থনীতি, নতুন কৰ ব্যৱস্থা, পি এম স্ব-নিধি আঁচনি আদিৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ লোৱাৰ সম্ভাৱনা আছে।
এইবাৰৰ বাজেটত অন্তৰ্ভূক্ত হোৱাৰ পূৰ্ণ সম্ভাৱনা থকা বিষয়সমূহ হৈছে-
১. কৃষিখণ্ডৰ বিকাশৰ হাৰ ত্বৰান্বিত কৰাৰ বাবে ব্যৱস্থা ঘোষণা কৰা হ’ব পাৰে
২. মহিলা, যুৱ, কৃষক আৰু দৰিদ্ৰ লোকসকলৰ ওপৰত গুৰুত্ব দিয়াৰ সম্ভাৱনা
৩. নতুন কৰ প্ৰণালীত আয়কৰ ৰেহাইৰ শ্লেবৰ সীমা ৫ লাখ পৰ্যন্ত হ’ব পাৰে
৪. গৃহঋণ লোৱাৰ ক্ষেত্ৰত নতুন ৰেহাই সম্ভৱ
৫. আন্ত:গাথনিৰ ওপৰত ব্যয় বৃদ্ধি
৬. কিষান ক্ৰেডিট কাৰ্ডৰ ঋণৰ সীমা বৃদ্ধি হোৱাৰ সম্ভাৱনা
৭. নিয়োগ বৃদ্ধিৰ বাবে লোৱা হ’ব পাৰে নতুন সিদ্ধান্ত
৮. উন্মোচিত হ’ব পাৰে উন্নত ভাৰতৰ কৌশল
ইয়াৰ উপৰি আৰু কেইবাটাও বিষয় সামৰি দাখিল কৰা হ’ব এই বাজেট। চৰকাৰে দাখিল কৰা আৰ্থিক জৰীপ অনুসৰি চলিত বিত্তবৰ্ষত আৰ্থিক বিকাশ হাৰ ৬.৫ শতাংশৰ পৰা ৭ শতাংশ হ’ব পাৰে।