নগাঁৱৰ ৰূপহীহাটৰ গড়াজানত সংঘটিত হৈছে ৰাজ্য জোকাৰি যোৱা এক হত্যাকাণ্ড। দুৰ্বৃত্তৰ এটা দলে এটা পৰিয়ালৰে ৪ জনক চোকা অস্ত্ৰৰে হানি-খুঁচি হত্যা কৰে।
দুৰ্বৃত্তৰ দলটোৱে পৰিয়ালৰ আটাই কেইজনকে হত্যা কৰি ঘটনাস্থলৰ পৰা পলায়ন কৰে বুলি জানিব পৰা গৈছে।
এই নিশৃংস আক্ৰমণত মৃত্যু হোৱা পৰিয়ালটোৰ সদস্য কেইজনক ক্ৰমে ঘনুধৰ সৰকাৰ (পিতৃ), সৰোজনী সৰকাৰ (মাতৃ), জয়াস্মৃতা সৰকাৰ (জী) বুলি চিনাক্ত কৰা হৈছে। অৱশ্যে এজনৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই।
ইফালে, এই ভয়ংকৰ ঘটনাৰ খবৰ লাভ কৰাৰ লগে লগে ঘটনাস্থলীত আৰক্ষীৰ এটা বৃহৎ দল উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰে। কোনে কি কাৰণত হত্যা কৰিলে সেই কথা এতিয়ালৈ জানিব পৰা হোৱা নাই।
উল্লেখ্য যে, অহা বুধবাৰে পৰিয়ালটোৰ জ্যেষ্ঠ কন্যা নৱস্মৃতা সৰকাৰৰ বিয়া আছিল। পেছাত এগৰাকী শিক্ষয়িত্ৰী নৱস্মৃতা সৰকাৰে বিয়াৰ বজাৰ কৰিবলৈ ওলাই যোৱাৰ বাবে তেওঁৰ কথমপি প্ৰাণ ৰক্ষা পৰে।
ইফালে পৰিয়ালটোৰ পিতৃ জলজীৱন আঁচনিৰ এজন চতুৰ্থ বৰ্গৰ কৰ্মচাৰী। এই ঘটনাক লৈ ৰাজ্যজুৰি এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে।