দেওবাৰে উত্তৰ প্ৰদেশৰ গোণ্ডা অঞ্চলত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ খবৰ আহিছে। এই দুৰ্ঘটনাত ১১ জন লোকে কৰুণ মৃত্যুক সাৱটি লয়। এখন বলেৰ’ বাহনেৰে পৃথ্বীনাথ মন্দিৰ দৰ্শনৰ বাবে গৈ থকা সময়তে এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয়।
জানিব পৰা মতে, দৰ্শনাৰ্থীসকলৰ বাহনখন ইটিয়া থোক থানা অঞ্চলত প্ৰৱেশ কৰাৰ সময়তে বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই এটা দ’ পুখুৰীত বাগৰি পৰে।
দুৰ্ঘটনা সংঘটিত হোৱা বাহনখনত মুঠ ১৫ গৰাকী যাত্ৰী আছিল আৰু ইয়াৰে ১১ জন লোকৰ থিতাতে মৃত্যু হয়।
এই ঘটনা সন্দৰ্ভত উত্তৰ প্ৰদেশ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে দুখ প্ৰকাশ কৰি ঘটনাৰ বুজ লোৱাৰ লগতে স্থানীয় প্ৰশাসনক পাৰ্যমানে সহায় আগবঢ়োৱাৰ নিৰ্দেশ প্ৰদান কৰে।