আমেৰিকাৰ ফ্ল’ৰিডাৰ উপকূলত ডুবাৰুৰ এটা দলে সাগৰৰ গভীৰতাত প্ৰায় ১০ লাখ ডলাৰ (প্ৰায় ৮.৩ কোটি) মূল্যৰ প্ৰাচীন স্পেনিছ সম্পদ আৱিষ্কাৰ কৰিছে। ট্ৰেজাৰ ক’ষ্ট নামেৰে জনাজাত দলটোৱে উদ্ধাৰ কৰে ১০০০ৰো অধিক সোণ-ৰূপৰ মুদ্ৰা।
বিশেষজ্ঞসকলৰ মতে এই মুদ্ৰাসমূহ ১৭১৫ চনত ডুব যোৱা স্পেইনৰ বহৰৰ, য’ত ৰত্ন আৰু বহুমূলীয়া সামগ্ৰীৰে ভৰ্তি জাহাজ স্পেইনলৈ লৈ গৈছিল। বাটত প্ৰচণ্ড ধুমুহাই বহৰখন ধ্বংস কৰি ধনখিনি উটুৱাই লৈ যায়।
ইতিহাসবিদসকলে বিশ্বাস কৰে ,যে এই ধন বলিভিয়া, মেক্সিকো, পেৰু আদি স্পেইনৰ উপনিবেশত ঢালি দিয়া হৈছিল। এই মুদ্ৰাবোৰে ১৮ শতিকাৰ আৰম্ভণিতে স্পেনিছ সাম্ৰাজ্যৰ সোণালী যুগৰ প্ৰতীক। এই আৱিষ্কাৰক বিশেষ বুলি গণ্য কৰা হয় কাৰণ বহু মুদ্ৰাত এতিয়াও সেই সময়ৰ তাৰিখ আৰু পদিনাৰ চিন স্পষ্টকৈ দেখা যায়। ইতিহাসবিদসকলে সেই যুগৰ সামুদ্ৰিক বাণিজ্য, ঔপনিৱেশিক অৰ্থনীতি আৰু শিল্প কৌশলৰ বিষয়ে বুজাত এই মুদ্ৰাসমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।
আৱিষ্কাৰ কোম্পানী কুইন জুৱেলছৰ মুৰব্বী ছাল গুট্টোছ’ই বুজাই দিলে যে, কেইবামাহো প্ৰস্তুতিৰ পিছত এই অভিযান আৰম্ভ হৈছিল। দলটোৱে পানীৰ তলৰ মেটেল ডিটেক্টৰ আৰু হাতেৰে চলোৱা ফেন ব্যৱহাৰ কৰি মুদ্ৰাখিনিৰ ওপৰত থকা বালি সযতনে আঁতৰাই পেলায়। ছাল গুট্টোছ’ই কয় যে, প্ৰতিটো মুদ্ৰা ইতিহাসৰ এটা টুকুৰা আৰু স্পেনিছ সাম্ৰাজ্যৰ সোণালী যুগত সাগৰত বাস কৰা আৰু জাহাজ চলোৱা লোকসকলৰ সৈতে জড়িত। তেওঁ লগতে কয় যে, একেলগে ১০০০টা মুদ্ৰা বিচাৰি পোৱাটো অত্যন্ত বিৰল, আৰু এই আৱিষ্কাৰে ইতিহাসৰ এক গুৰুত্বপূৰ্ণ আভাস দিয়ে।












