২০ জানুৱাৰীত প্ৰশাসনৰ দায়িত্ব ল’ব ড’নাল্ড ট্ৰাম্পে। চীন চৰকাৰৰ এগৰাকী নীতি উপদেষ্টাৰ মতে, আমেৰিকাৰ নিৰ্বাচিত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ অধীনত নতুনকৈ গঠন কৰা চৰকাৰী দক্ষতা বিভাগৰ নেতৃত্ব দিয়া টেছলাৰ চিইঅ’ এলন মাস্ক আৰু উদ্যোগী বিবেক ৰামাস্বামীয়ে চীনৰ বাবে আটাইতকৈ ডাঙৰ ভাবুকি কঢ়িয়াই আনিব পাৰে, বেইজিঙৰ ঝেং ইয়ংনিয়ানে এই বুলি মন্তব্য কৰে।
বেইজিঙৰ শীৰ্ষ শৈক্ষিক আৰু নীতি উপদেষ্টা ঝেং ইয়ংনিয়ানে কয় যে, যদিহে চৰকাৰী দক্ষতা বিভাগ(DOGE)সফল হয়, তেন্তে চীনে আমেৰিকাৰ বহু বেছি কাৰ্যক্ষম ৰাজনৈতিক ব্যৱস্থাৰ সৈতে যুঁজিব লাগিব।
হংকঙৰ চীনা বিশ্ববিদ্যালয়ৰ শ্বেনজেন কেম্পাছৰ স্কুল অৱ পাব্লিক পলিচিৰ ডীন হিচাপে কৰ্মৰত ঝেঙে শনিবাৰে ইনষ্টিটিউট ফৰ ইণ্টাৰনেশ্যনেল এফেয়াৰ্ছৰ উদ্যোগত অনুষ্ঠিত হোৱা বাইচুয়ান ফ’ৰামত এই মন্তব্য কৰে।
ঝেঙে কয় যে, অধিক কাৰ্যক্ষম আমেৰিকাৰ ৰাজনৈতিক ব্যৱস্থাই চীনৰ বৰ্তমানৰ ব্যৱস্থাৰ ওপৰত বৃহৎ হেঁচা প্ৰয়োগ কৰিব। অৱশ্যেই এই হেঁচা কেৱল চীনৰ বাবেই নহয়, যদিও ইয়াৰ প্ৰভাৱ আনৰ ওপৰতো বিশেষকৈ ইউৰোপৰ ওপৰতো পৰিব বুলি তেওঁ উল্লেখ কৰে।ড’জিইৰ এই পদক্ষেপৰ লক্ষ্য হৈছে আমেৰিকা চৰকাৰৰ কৰ্মশক্তিৰ আকাৰ যথেষ্ট হ্ৰাস কৰা। মাস্কৰ দৰে ব্যক্তিৰ নেতৃত্বত হোৱা প্ৰতিষ্ঠানিক সংস্কাৰক তুচ্ছজ্ঞান কৰাৰ বিৰুদ্ধেও তেওঁ আহ্বান জনায়।
পূৰ্বৰ ৰাষ্ট্ৰপতিত্বৰ সময়ত বেইজিঙৰ ওপৰত তেওঁৰ কঠোৰ স্থিতিৰ প্ৰতি লক্ষ্য ৰাখি চীনে ট্ৰাম্পৰ দ্বিতীয়টো কাৰ্যকালৰ বাবে সাজু হৈছে। তেওঁ বিভিন্ন বিশ্ব ফ্ৰণ্টত চীনৰ বিৰুদ্ধে ব্যৱস্থাসমূহ শক্তিশালী কৰাৰ সম্ভাৱনা আছে।
ঝেঙে চীনৰ একপক্ষীয় মুকলি ক্ষমতা বৃদ্ধি কৰি আমেৰিকাৰ পুঁজি আৰু নাগৰিকসকলকো সামৰি লোৱাৰ বাবে প্ৰস্তাৱ আগবঢ়ায়, ইয়াৰ দ্বাৰা আমেৰিকাৰ ভিতৰত কঠোৰপন্থী, শীতল যুদ্ধৰ সমৰ্থক আৰু চীন বিৰোধী দলসমূহক পৃথক কৰিব পৰা যাব বুলি মত প্ৰকাশ কৰে।