ৰাছিয়াৰ পৰা তেল ক্ৰয় সন্দৰ্ভত এটা ডাঙৰ বক্তব্য দিলে আমেৰিকাৰ বিত্তমন্ত্ৰী স্কট বেছাণ্টে। তেওঁ কয় যে ভাৰতে ৰাছিয়াৰ তেল পুনৰ বিক্ৰী কৰি কোটি কোটি টকা লাভ কৰিছে। ইয়াৰ সমান্তৰালকৈ তেওঁ ভাৰতৰ ওপৰত আমেৰিকাৰ শুল্ক আৰোপ কৰাৰ লগতে চীনৰ ওপৰত কিয় শাস্তি আৰোপ কৰা নহ’ল সেই কথাও বুজাই দিয়ে।
এক সাক্ষাৎকাৰত বেছান্তে কয় যে, ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰি পুনৰ বিক্ৰী কৰি আছে। আমেৰিকাৰ বিত্তমন্ত্ৰীয়ে আৰু কয় যে, ভাৰতে ৰাছিয়াৰ তেল বিক্ৰী কৰি ১৬ বিলিয়ন ডলাৰ অৰ্থাৎ ১৬০০ কোটি টকা লাভ কৰিছে, গতিকে সুবিধাবাদী সালিসী গ্ৰহণযোগ্য নহয়। বেছাণ্টে লগতে কয় যে, ইউক্ৰেইন যুদ্ধৰ পূৰ্বে ভাৰতৰ ১ শতাংশতকৈও কম তেল ৰাছিয়াৰ পৰা আহিছিল। কিন্তু এতিয়া ইয়াৰ পৰিমাণ ৪২ শতাংশত উপনীত হৈছে। ভাৰতৰ একাংশ ধনী পৰিয়াল ইয়াৰ দ্বাৰা বহু উপকৃত হৈছে।
ট্ৰাম্পৰ এই সিদ্ধান্তক ৰক্ষা কৰি আমেৰিকাৰ বিত্তমন্ত্ৰীয়ে কয় যে, ৰাছিয়াৰ তেল আমদানি কৰাৰ বাবে চীনক শাস্তি দিয়া হোৱা নাছিল কাৰণ চীনে ভাৰততকৈ ৰাছিয়াৰ পৰা কম তেল ক্ৰয় কৰিছে। বেছাণ্টে কয় যে চীনৰ আমদানি গড়ে কম। তেওঁ কয় যে, ইউক্ৰেইন যুদ্ধৰ পূৰ্বে চীনৰ ১৩ শতাংশ তেল ৰাছিয়াৰ পৰা আহিছিল। এতিয়া ১৬ শতাংশ হৈ পৰিছে।
ৰাছিয়াৰ তেলৰ পৰা ভাৰতে যথেষ্টখিনি লাভ কৰিছে বুলি উল্লেখ আমেৰিকাৰ বিত্তমন্ত্ৰীগৰাকীৰ। সেয়েহে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাৰ বাবে ভাৰতৰ ওপৰত অতিৰিক্ত শুল্ক আৰোপ কৰা হৈছে। আচলতে আমেৰিকাই ভাৰতৰ ওপৰত মুঠ ৫০ শতাংশ শুল্ক আৰোপ কৰিছে। ইয়াত প্ৰথমে ২৫ শতাংশ শুল্ক আৰোপ কৰা হৈছিল আৰু পিছত অতিৰিক্ত ২৫ শতাংশ শুল্ক আৰোপ কৰা হৈছিল। ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাৰ বাবে শাস্তি হিচাপে এই ব্যৱস্থা আৰোপ কৰা হৈছিল।