বৰ্তমান আমেৰিকা আৰু ভাৰতৰ মাজত কিছু উত্তেজনাময় পৰিস্থিতি অব্যাহত আছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভাৰতত অহৰহ হেঁচা প্ৰয়োগ কৰি আছে। ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাত তেওঁ ক্ষুব্ধ হৈ পৰিছে আৰু ইয়াৰ বাবেই তেওঁ ভাৰতৰ ওপৰত ৫০ শতাংশ শুল্কও আৰোপ কৰিছে।
অৱশ্যে এই বিষয়ত ভাৰতে নিজৰ স্থিতি স্পষ্ট কৰিছে। ভাৰতে কয় যে য’ৰ পৰা সস্তাত পাব, তাৰপৰাই তেল কিনিব।
মস্কোত থকা ভাৰতৰ ৰাষ্ট্ৰদূত বিনয় কুমাৰে আমেৰিকাক স্পষ্ট উত্তৰ দিলে। তেওঁ স্পষ্টকৈ কৈছে যে, ভাৰতীয় কোম্পানীয়ে দামী তেল ক্ৰয় নকৰে। ৰাছিয়াৰ চৰকাৰী সংস্থা টাছক দিয়া এক সাক্ষাৎকাৰত তেওঁ কয় যে, ভাৰতৰ নীতি স্পষ্ট। ভাৰতীয় কোম্পানীসমূহে তেওঁলোকৰ বাবে উপকাৰী হ’ব পৰা চুক্তিহে বাছি ল’ব। তেওঁ কয় যে শক্তি সুৰক্ষা ভাৰতৰ জনসাধাৰণৰ বাবে অগ্ৰাধিকাৰৰ বিষয়।
ৰাছিয়াৰ পৰা ৰেহাই মূল্যত খাৰুৱা তেল ক্ৰয় কৰাৰ বাবে ভাৰতক তীব্ৰ সমালোচনা কৰি আহিছে ট্ৰাম্প প্ৰশাসনে। আমোদজনক কথাটো হ’ল, ৰাছিয়াৰ খাৰুৱা তেলৰ সৰ্বাধিক আমদানিকাৰক চীনক আকৌ ৱাশ্বিংটনে সমালোচনা কৰা নাই।