ইজৰাইলৰ ৰাষ্ট্ৰদূত ৰিউভেন আজাৰে ভাৰতৰ ওপৰত আমেৰিকাই আৰোপ কৰা শুল্কক দুয়োখন দেশৰ মাজত আলোচনাৰ জৰিয়তে সমাধান কৰিব পৰা “অস্থায়ী সমস্যা” বুলি অভিহিত কৰে। ভাৰত আৰু ইজৰাইলৰ সম্পৰ্কত ইয়াৰ কোনো প্ৰভাৱ নপৰে বুলিও তেওঁ জোৰ দিয়ে।
সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰি ৰাষ্ট্ৰদূত আজাৰে কয় যে, ট্ৰাম্পৰ শুল্কৰ কোনো প্ৰভাৱ ভাৰত-ইজৰাইলৰ সম্পৰ্কত হ’ব। তেওঁ কয় যে, ভাৰত আৰু ইজৰাইলৰ মাজত বাণিজ্যৰ কোনো ক্ষতি নহ’ব। ভাৰত-আমেৰিকাৰ সমস্যাটোও এক অস্থায়ী সমস্যা বুলিয়ে তেওঁ আশা কৰে, যিটো সমস্যা সমাধান হ’ব, কাৰণ তেওঁ বিশ্বাস কৰে যে দেশসমূহৰ পাৰস্পৰিক স্বাৰ্থ হৈছে অংশীদাৰিত্ব অব্যাহত ৰখা।
কিছুদিন পূৰ্বে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যায়াহুৱেও ট্ৰাম্পৰ শুল্ক সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল। তেওঁ কয় যে, ভাৰত আৰু আমেৰিকাৰ মাজত চলি থকা শুল্ক বিবাদ নিষ্পত্তি কৰাটো দুয়োখন দেশৰ স্বাৰ্থত হ’ব। ভাৰত আৰু আমেৰিকাৰ মাজৰ সম্পৰ্কক “অত্যন্ত শক্তিশালী” বুলি অভিহিত কৰি নেতান্যায়াহুৱে দুয়োপক্ষকে বিষয়টোৰ সৌহাৰ্দ্যপূৰ্ণ সমাধান বিচাৰি উলিয়াবলৈ আহ্বান জনায়।
জেৰুজালেমত ভাৰতীয় সাংবাদিকসকলৰ সৈতে হোৱা এক বাৰ্তালাপত নেতান্যায়াহুৱে কয় যে, ভাৰত আৰু আমেৰিকাৰ মাজৰ সম্পৰ্কৰ ভেটি অতি সুদৃঢ়। শুল্ক বিষয়ত একমতত উপনীত হোৱাটো দুয়োখন দেশৰ বাবে উপকাৰী হ’ব।এই সমাধান ইজৰাইলৰ বাবেও ভাল হ’ব, কিয়নো দুয়োখন দেশ আমাৰ বন্ধু। তেওঁ লগতে ইংগিত দিয়ে যে তেওঁ ব্যক্তিগতভাৱে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ট্ৰাম্পৰ সৈতে সমস্যাটো নিষ্পত্তি কৰিবলৈ পৰামৰ্শ দিব পাৰে।