আমেৰিকাৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ নিৰাপত্তা সন্দৰ্ভত ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে এক ডাঙৰ তথ্য প্ৰকাশ কৰিছে। পুটিনে কয় যে, তেওঁ বিশ্বাস নকৰে যে ট্ৰাম্প এতিয়াও সম্পূৰ্ণৰূপে সুৰক্ষিত। ইয়াৰ সমান্তৰালকৈ পুটিনে ট্ৰাম্পকো প্ৰশংসা কৰে। তেওঁ কয় যে, ট্ৰাম্প এজন অভিজ্ঞ আৰু বুদ্ধিমান ৰাজনীতিবিদ।
দৰাচলতে আমেৰিকাত ৰাষ্ট্ৰপতি নিৰ্বাচনৰ সময়ত জুলাই মাহত পেনচিলভেনিয়াত ট্ৰাম্পক শেষ কৰাৰ চেষ্টা কৰা হৈছিল, য’ত তেওঁ আহত হৈছিল। ইয়াৰ পিছত ছেপ্টেম্বৰ মাহত ট্ৰাম্পৰ ফ্ল’ৰিডাৰ গ’ল্ফ খেলপথাৰত ৰাইফল নিক্ষেপ কৰা হৈছিল।
ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে কাজাখস্তান শীৰ্ষ সন্মিলনৰ পিছত কয় যে, আমেৰিকাৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত ট্ৰাম্পৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰা হৈছিল। তেওঁ কয় যে, ট্ৰাম্প এতিয়াও সুৰক্ষিত নহয়। ৰাষ্ট্ৰপতি ট্ৰাম্প সতৰ্ক হৈ থাকিবলৈ সকীয়নী দিয়ে পুটিনে।
ইউক্ৰেইনত যুদ্ধ তীব্ৰতৰ কৰাৰ বাবে বাইডেন প্ৰশাসনে লোৱা সিদ্ধান্ত সন্দৰ্ভত পুটিনে কয় যে, এইটো হয়তো ট্ৰাম্পক পুনৰ ক্ষমতালৈ অনাৰ প্ৰয়াস হ’ব পাৰে অথবা ৰাছিয়াৰ সৈতে তেওঁলোকৰ জীৱনটো অধিক কঠিন কৰি তোলাৰো উপায় হ’ব পাৰে।
আমেৰিকাৰ নিৰ্বাচিত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৰাছিয়া আৰু ইউক্ৰেইনৰ বাবে অৱসৰপ্ৰাপ্ত আমেৰিকান জেনেৰেল কিথ কেলগক ৰাষ্ট্ৰপতিৰ সহকাৰী আৰু ইউক্ৰেইন আৰু ৰাছিয়াৰ বিশেষ দূত হিচাপে মনোনীত কৰি অতি আনন্দিত বুলি কয়।