৬ অক্টোৱৰত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ঘোষণা কৰে যে ২০২৫ চনৰ ১ নৱেম্বৰৰ পৰা আমেৰিকালৈ আমদানি কৰা সকলো মজলীয়া আৰু গধুৰ ট্ৰাকৰ ওপৰত ২৫% শুল্ক আৰোপ কৰা হ’ব। এই পদক্ষেপৰ লক্ষ্য হৈছে আমেৰিকাৰ ট্ৰাক নিৰ্মাতাসকলক বিদেশী প্ৰতিযোগিতাৰ পৰা ৰক্ষা কৰা।
ট্ৰাম্পে নিজৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্মত লিখিছে, “২০২৫ চনৰ ১ নৱেম্বৰৰ পৰা অন্য দেশৰ পৰা আমদানি কৰা সকলো মজলীয়া আৰু গধুৰ ট্ৰাকৰ ওপৰত ২৫% শুল্ক আৰোপ কৰা হ’ব।” ট্ৰাম্পে কয় যে, এই সিদ্ধান্ত আমেৰিকাৰ কোম্পানী আৰু শ্ৰমিকসকলক অন্যায় বিদেশী প্ৰতিযোগিতাৰ পৰা ৰক্ষা কৰিবলৈ লোৱা হৈছে। তেওঁ কয় যে, তেওঁ বিদেশী ডাম্পিং আৰু অন্যায় বাণিজ্য নীতিৰ ফলত আমেৰিকাৰ উদ্যোগসমূহৰ ক্ষতি হ’বলৈ নিদিয়ে।
এই সিদ্ধান্তই মেক্সিকো, কানাডা, জাপান, জাৰ্মানী, ফিনলেণ্ডকে ধৰি কেইবাখনো দেশত প্ৰভাৱ পেলাব। আমেৰিকালৈ মজলীয়া আৰু গধুৰ ট্ৰাক সৰ্বাধিক ৰপ্তানিকাৰক দেশ মেক্সিকো। ২০১৯ চনৰ পৰা মেক্সিকোৰ ট্ৰাক ৰপ্তানি তিনিগুণ বৃদ্ধি পাই প্ৰায় ৩.৪ লাখ ইউনিট হৈছে।
আমেৰিকা, মেক্সিকো আৰু কানাডাৰ মাজত হোৱা ইউএছএমচিএ চুক্তিৰ অধীনত বৰ্তমান ট্ৰাক শুল্কমুক্তভাৱে আমদানি কৰিব পাৰি, যদিহে ইয়াৰ মূল্যৰ ৬৪% উত্তৰ আমেৰিকাৰ পৰা আহে। নতুন শুল্কে এই ব্যৱস্থাত প্ৰভাৱ পেলাব পাৰে।
ছুইডেনৰ ভলভো গ্ৰুপে মেক্সিকোৰ মণ্টেৰেইত ৭০ কোটি ডলাৰৰ নতুন ট্ৰাক প্লাণ্ট নিৰ্মাণ কৰি আছে, যিটো ২০২৬ চনত কাৰ্যক্ষম হোৱাৰ সম্ভাৱনা আছে।নতুন শুল্কে এই বিনিয়োগতো প্ৰভাৱ পেলাব পাৰে।
বিগত মাহত ট্ৰাম্পে কৈছিল যে এই শুল্ক ১ অক্টোবৰৰ পৰা কাৰ্যকৰী হ’ব পাৰে, কিন্তু এতিয়া এই তাৰিখ ২০২৫ চনৰ ১ নৱেম্বৰলৈ বৃদ্ধি কৰা হৈছে। তেওঁ দাবী কৰিছিল যে এই পদক্ষেপে পিটাৰবিল্ট, কেনৱৰ্থ, ফ্ৰেইটলাইনাৰৰ দৰে আমেৰিকাৰ কোম্পানীক লাভৱান কৰিব।
বৰ্তমান জাপান আৰু ইউৰোপীয় সংঘৰ সৈতে হোৱা বাণিজ্যিক চুক্তিৰ অধীনত আমেৰিকাই লঘু বাহনৰ ওপৰত ১৫% শুল্ক আৰোপ কৰিছে যদিও বৃহৎ বাহনৰ ক্ষেত্ৰত এই নতুন নিয়ম কেনেদৰে প্ৰযোজ্য হ’ব সেয়া স্পষ্ট নহয়।