চলিত বৰ্ষৰ প্ৰথম ছমাহতে হ’ব পাৰে ভাৰত আৰু আমেৰিকাৰ মাজত বহু প্ৰত্যাশিত বাণিজ্যিক চুক্তি। এই মন্তব্য কৰে ইউৰেচিয়া গ্ৰুপৰ মুৰব্বী তথা প্ৰখ্যাত বিশ্লেষক ইয়ান ব্ৰেমাৰে। তেওঁৰ মতে ২০২৬ চনত ভাৰতৰ ওপৰত আমেৰিকাৰ শুল্ক বৃদ্ধি ভাৰতৰ বাবে ডাঙৰ বিপদও নহ’বও পাৰে।
ব্ৰেমাৰৰ মতে ২০২৫ চনত এই বিষয়টো উল্লেখযোগ্য আছিল যদিও ২০২৬ চনত ইয়াৰ গুৰুত্ব বহু পৰিমাণে হ্ৰাস পাব। এক সাক্ষাৎকাৰত ইয়ান ব্ৰেমাৰক ভাৰত-আমেৰিকাৰ বাণিজ্যিক চুক্তিৰ সময়সীমাৰ বিষয়ে সোধা হৈছিল। তেওঁ স্পষ্টভাৱে কয় যে, ভাৰত-আমেৰিকাৰ বাণিজ্যিক চুক্তি চলিত বৰ্ষৰ প্ৰথমাৰ্ধত হোৱাৰ সম্ভাৱনা আছে।
ভাৰত-আমেৰিকাৰ বাণিজ্যিক চুক্তিৰ আলোচনা কেইবামাহো ধৰি চলি আছে যদিও ২০২৫ চনৰ আগষ্ট মাহত আমেৰিকাই ভাৰতৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰাৰ সময়ত দুয়োখন দেশৰ মাজত সম্পৰ্ক তিতা হৈ পৰে। ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় অব্যাহত ৰখাৰ বাবেই এই শুল্ক আৰোপ কৰা হৈছিল।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অন্তিমবাৰৰ বাবে ১১ ডিচেম্বৰত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে আলোচনা কৰিছিল। এই কথা-বতৰা ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণৰ কিছু সময়ৰ পাছতেই হৈছিল। ডিচেম্বৰ মাহত আমেৰিকাৰ উপ-বাণিজ্য প্ৰতিনিধি ৰিক ছুইজাৰৰ ভাৰত ভ্ৰমণৰ পিছতে কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰী পীয়ুষ গোৱালে আমেৰিকাৰ সৈতে বাণিজ্যিক চুক্তিৰ আলোচনা উন্নত পৰ্যায়ত আছে বুলি উল্লেখ কৰে।
ইয়াৰ পূৰ্বে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পেও প্ৰধানমন্ত্ৰী মোদীৰ সৈতে তেওঁৰ ভাল সম্পৰ্ক আছে বুলি উল্লেখ কৰে যদিও শুল্ক সন্দৰ্ভত মতানৈক্য আছে। ট্ৰাম্পে কয় যে, প্ৰধানমন্ত্ৰী মোদীৰ সৈতে তেওঁৰ অতি ভাল সম্পৰ্ক আছে, কিন্তু ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয়ক লৈ তেওঁ মোদীৰ ওপৰত অসন্তুষ্ট। অৱশ্যে ভাৰতে এতিয়া ৰাছিয়াৰ পৰা তেল ক্ৰয় বহু পৰিমাণে হ্ৰাস কৰিছে।
বাণিজ্য চুক্তিৰ পৰিস্থিতিৰ অহৰহ পৰিৱৰ্তন আৰু নিৰ্দিষ্ট সময়সীমাৰ অভাৱে ভাৰতীয় ৰপ্তানিকাৰকসকলৰ ওপৰত বিশেষকৈ নতুন বিত্তীয় বৰ্ষৰ আগত হেঁচা বৃদ্ধি কৰিছে। আমেৰিকাই আৰোপ কৰা ৫০% শুল্কই ভাৰতৰ বহু ঘৰুৱা ৰপ্তানি খণ্ডত ভয়াৱহ প্ৰভাৱ পেলাইছে। ইয়াৰ ভিতৰত চামৰা, ৰাসায়নিক সামগ্ৰী, জোতা, ৰত্ন আৰু গহনা, বস্ত্ৰশিল্প, উদ্যোগ আদি অন্যতম। অনাগত দিনত এই খণ্ডসমূহে সকাহ পোৱাৰ সম্ভাৱনা আছে।









