কঠোৰ সকীয়নিৰ পিছতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভাৰতৰ ওপৰত আৰু ২৫ শতাংশ অতিৰিক্ত শুল্ক আৰোপ কৰাৰ কথা ঘোষণা কৰিছে। এই ঘোষণাৰ পিছতে ভাৰতৰ ওপৰত মুঠ শুল্ক এতিয়া ৫০ শতাংশলৈ বৃদ্ধি পাইছে।
ইয়াৰ পূৰ্বে ৩০ জুলাইত ট্ৰাম্পে ভাৰতৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰাৰ কথা ঘোষণা কৰিছিল। ট্ৰাম্পে বিগত সময়ত বাৰে বাৰে কৈ আহিছে যে ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰে আৰু তেনে কৰি ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনক ইউক্ৰেইন যুদ্ধৰ উচটনি দিয়াত সহায় কৰিছে।
ট্ৰাম্পৰ মতে, অৰ্ডাৰ ২ৰ অধীনত তেওঁ ভাৰতৰ ওপৰত শুল্ক আৰোপ কৰাৰ নিৰ্দেশত স্বাক্ষৰ কৰে।
এই আদেশত লিখা আছে, ‘মই দেখিছো যে ভাৰত চৰকাৰে বৰ্তমান ৰাছিয়ান ফেডাৰেচনৰ পৰা প্ৰত্যক্ষ বা পৰোক্ষভাৱে তেল আমদানি কৰি আছে। সেই অনুসৰি আৰু প্ৰযোজ্য আইন অনুসৰি আমেৰিকাৰ শুল্ক অঞ্চললৈ আমদানি কৰা ভাৰতীয় সামগ্ৰীৰ ওপৰত ২৫ শতাংশ অতিৰিক্ত এড ভেল’ৰেম শুল্কৰ হাৰ প্ৰযোজ্য হ’ব।’
ৰাষ্ট্ৰপতি ট্ৰাম্পে তেওঁৰ বাণিজ্য মন্ত্ৰীক আন দেশে প্ৰত্যক্ষ নে পৰোক্ষভাৱে ৰাছিয়াৰ তেল ক্ৰয় কৰিছে সেই কথা জানিবলৈ দায়িত্ব অৰ্পণ কৰিছে। এই দেশসমূহৰ ওপৰত শাস্তিমূলক শুল্ক আৰোপ কৰাৰ হুংকাৰো দিছে ট্ৰাম্পে।