প্ৰত্যুত্তৰমূলক শুল্কক লৈ বিশ্বৰ অৰ্থনীতিত খলকনিৰ সৃষ্টি কৰা ড’নাল্ড ট্ৰাম্প চৰকাৰে এই সন্দৰ্ভত লৈছে ডাঙৰ পদক্ষেপ। প্ৰায় ৯০ খন দেশৰ ওপৰত প্ৰযোজ্য কৰা প্ৰত্যুত্তৰমূলক শুল্কৰ পিছতে বিশ্বৰ অৰ্থনীতিত ব্যাপক খহনীয়াৰ সৃষ্টি হোৱাৰ পিছতে কিছু নৰম হোৱা পৰিলক্ষিত হৈছে ৰাষ্ট্ৰপতি ট্ৰাম্পক।
ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰি ট্ৰাম্প প্ৰশাসনে স্মাৰ্টফোন, কম্পিউটাৰ আৰু ইলেক্ট্ৰ’নিকছ সামগ্ৰীত কিছু পৰিমানে ৰেহাই দিছে শুল্ক। এই সিদ্ধান্তই সাধাৰণ গ্ৰাহকৰ বাবে সকাহ কঢ়িয়াই আনিব পাৰে কাৰণ এই সকলোবোৰ সামগ্ৰীৰ মূল্য বৃদ্ধিৰ সম্ভাৱনা এতিয়া হ্ৰাস পাইছে।
উল্লেখ্য যে, আমেৰিকাত এই সামগ্ৰীসমূহৰ চাহিদা বেছি যদিও চীন, কোৰিয়া আৰু ভিয়েটনামৰ দৰে দেশত এই সামগ্ৰীসমূহ বেছিভাগেই উৎপাদন কৰা হয়। এইবোৰৰ ওপৰত যদি গধুৰ কৰ আৰোপ কৰা হ’লহেঁতেন তেন্তে কোম্পানীবোৰৰ লোকচান হ’লহেঁতেন আৰু গ্ৰাহকৰ বাবেও এয়া হ’লহেতেন ব্যয়বহুল। সেইবাবেই ট্ৰাম্প প্ৰশাসনে তেওঁলোকক শুল্কৰ পৰা ৰেহাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
এই ৰেহাইৰ ফলত চলিত মাহৰ আৰম্ভণিতে ৰাষ্ট্ৰপতি ট্ৰাম্পে ঘোষণা কৰা ১০ শতাংশ শুল্ক আৰু চীনৰ পৰা আমদানি কৰা সামগ্ৰীৰ ওপৰত অতিৰিক্ত শাস্তিমূলক কৰ পৰিসৰ হ্ৰাস পাইছে। ৰেহাই দিয়া বহুতো বস্তু সাধাৰণতে আমেৰিকাত নিৰ্মিত নহয়। ইয়াৰ ভিতৰত হাৰ্ড ড্ৰাইভ আৰু কম্পিউটাৰ প্ৰচেছৰ অন্যতম।