আমেৰিকাৰ ভাৰ্জিনিয়াৰ একোমেক কাউন্টিত গুজৰাটৰ মেহছানা জিলাৰ কানোড়া গাঁৱৰ পেটেল পৰিয়ালৰ দুজন সদস্যক গুলীয়াই হত্যা কৰাৰ এক হৃদয়বিদাৰক ঘটনা পোহৰলৈ আহিছে। দুৰ্বৃত্তৰ গুলীত নিহত হৱা লোক দুজনৰ ভিতৰত আছে ৫৬ বছৰীয়া পিতৃ আৰু তেওঁৰ ২৪ বছৰীয়া কন্যা।
এজন কৃষ্ণাংগ লোকে ভাৰতীয় মূলৰ লোকজনৰ দেকানত প্ৰৱেশ কৰি নিৰ্বিচাৰ গুলীচালনা কৰাৰ বাবেই এই কৰুণ ঘটনা সংঘটিত হয়।
প্ৰাথমিক তথ্য অনুসৰি অভিযুক্ত লোকজনে নিশা দোকানলৈ আহিছিল সুৰা কিনিবলৈ। মৃতকৰ ভাতৃয়ে জনোৱা মতে, সন্দেহজনক লোকজনে প্ৰথমে ক্ৰয় কৰিবলৈ চেষ্টা কৰিছিল যদিও কোনো কথাক লৈ কাজিয়া আৰম্ভ হয় আৰু তাৰ পিছত গুলীচালনা কৰে। এই আক্ৰমণত পিতৃ-কন্যাৰ থিতাতে মৃত্যু হয়।
এই ঘটনাৰ পিছতে আৰক্ষীয়ে অভিযুক্তৰ সন্ধান তীব্ৰতৰ কৰাৰ লগতে কাষৰীয়া অঞ্চল সমূহত নিৰাপত্তা বৃদ্ধি কৰা হৈছে।
উল্লেখ্য যে, শেহতীয়াভাৱে আমেৰিকাত ভাৰতীয় মূলৰ লোকৰ ওপৰত আক্ৰমণৰ ঘটনা বৃদ্ধি পোৱাত ভাৰতীয় লোকৰ মাজত উদ্বেগৰ পৰিৱেশ বিৰাজ কৰিছে।