বৰ্তমান সময়ত কম বয়সতে পুৰুষ-মহিলাৰ ক্ষেত্ৰত প্ৰায়ে দেখা দিয়া এটা সমস্যা হৈছে বন্ধ্যাত্বৰ সমস্যা। ভাৰতত বন্ধ্যাত্বৰ আঁৰত এটা আচৰিত ধৰণৰ ৰোগ পোহৰলৈ আহিছে ।
এইমছৰ স্ত্ৰীৰোগ বিভাগৰ তথ্যলৈ লক্ষ্য কৰিলে বিগত কেইবছৰমানত গৰ্ভধাৰণৰ অভাৱৰ বাবে আইভিএফৰ জৰিয়তে পিতৃ-মাতৃ হ’বলৈ অহা প্ৰায় ১০০ জন লোকৰ ভিতৰত ১০ জন যৌনাংগৰ যক্ষ্মা ৰোগত আক্ৰান্ত হৈছে। যি পুৰুষ আৰু মহিলা দুয়োৰে বাবে সন্তান জন্ম দিয়াত এক ডাঙৰ সমস্যা হৈ পৰিছে।
নতুন দিল্লীৰ এইমছৰ স্ত্ৰীৰোগ বিজ্ঞান বিভাগৰ অধ্যাপক ড০ জে বি শৰ্মাই কয় যে, বিগত কেইবছৰমানত এইমছত সন্তান নোহোৱাৰ সমস্যাৰ বাবে বহুতো মহিলা আৰু পুৰুষে আইভিএফ প্ৰযুক্তিৰ আশ্ৰয় ল’বলৈ আহিছিল। তেওঁলোকৰ অনুসন্ধানত প্ৰকাশ পাইছিল যে, ১০০ গৰাকী মহিলা বা পুৰুষৰ ভিতৰত আনুমানিক ১০ গৰাকীৰ যৌনাংগৰ যক্ষ্মা ৰোগত ভুগিছে আৰু এইকাৰণেই তেওঁলোক শিশু জন্ম দিয়াৰ পৰা বঞ্চিত হৈছে।
যৌনাংগৰ যক্ষ্মা কি?
যেতিয়া যক্ষ্মা সংক্ৰমণ ফেলোপিয়ান নলীৰ পৰা জৰায়ুলৈ বিয়পে। সেই ৰোগক যৌনাংগৰ যক্ষ্মা বুলি কোৱা হয়। এই স্থিতিয়ে মহিলাৰ যৌনাংগ, ডিম্বাশয়ক প্ৰভাৱিত কৰিব পাৰে।
পুৰুষৰ ক্ষেত্ৰত যৌনাংগৰ যক্ষ্মা বীৰ্যপ্ৰাপ্ত হোৱাত বাধা দিয়ে। যাৰ ফলত তেওঁলোকৰ উৰ্বৰতা প্ৰভাৱিত হয়।
যৌনাংগৰ যক্ষ্মাৰ লক্ষণসমূহ
যৌনাংগৰ যক্ষ্মাৰোগৰ লক্ষণবোৰ প্ৰায়ে সচৰাচৰ নহয়। সেয়েহে এই ৰোগক সহজে চিনাক্ত কৰিব নোৱাৰি। যদিহে ১২ মাহ ধৰি কোনো সাৱধানতা অবিহনে চেষ্টা কৰাৰ পিছতো আপোনাৰ গৰ্ভধাৰণ নহয় তেনেহ’লে ই যৌনাংগৰ যক্ষ্মা ৰোগ হ’ব পাৰে। ইয়াৰ কিছুমান লক্ষণৰ ভিতৰত আছে ওজন হ্ৰাস, ভাগৰ আৰু জ্বৰ, অস্বাভাৱিকভাৱে অত্যাধিক ঋতুস্ৰাৱৰ ৰক্তক্ষৰণ, অস্বাভাৱিক ঋতুস্ৰাৱ ইত্যাদি।
একে সময়তে পুৰুষৰ তলপেটত বিষ বা পিণ্ড হ’ব পাৰে, বমি হ’ব পাৰে, ভোক হ্ৰাস হ’ব পাৰে, ওজন হ্ৰাস হ’ব পাৰে আৰু ডাঠ প্ৰস্ৰাৱ হ’ব পাৰে।