উত্তৰ প্ৰদেশ আৰক্ষীৰ এণ্টি টেৰ’ৰিষ্ট স্কোৱাডে (এ টি এছ) নয়দা আৰু বাৰাণসীত পৃথকে পৃথকে অভিযান চলাই অবৈধ ভিছা সুবিধাৰ নামত ধন আদায় কৰা আৰু পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি কৰাৰ অভিযোগত দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰে।
এ টি এছে জাৰি কৰা এটা বিবৃতিত উল্লেখ কৰা অনুসৰি, বৃহস্পতিবাৰে নয়দাৰ পৰা দিল্লীৰ ছিলমপুৰৰ বাসিন্দা মহম্মদ হাৰুণ (৪৫) নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰা হয়। হাৰুণ বিৰুদ্ধে পাকিস্তানৰ বাবে চোৰাংচোৱাগিৰি কৰাৰ অভিযোগ।
এ টি এছ উত্তৰ প্ৰদেশে তথ্য লাভ কৰিছিল যে পাকিস্তান উচ্চায়ুক্তৰ কৰ্মচাৰী মুজাম্মাল হুছেইনৰ সৈতে মিলি স্ক্ৰেপ ডিলাৰ হিচাপে কাম কৰা হাৰুনে পাকিস্তানৰ ভিছা লাভৰ নামত ধন দাবী কৰি আহিছে আৰু তেওঁৰ সৈতে জাতীয় স্বাৰ্থৰ সৈতে জড়িত নিৰাপত্তা সম্পৰ্কীয় তথ্য ভাগ-বতৰা কৰি ৰাষ্ট্ৰীয় বিৰোধী কামত জড়িত হৈ আছে।
বিবৃতি অনুসৰি এ টি এছৰ তদন্তত প্ৰকাশ পাইছে যে পাকিস্তানৰ বাসিন্দা আৰু পাকিস্তানী উচ্চায়ুক্ত নতুন দিল্লীত কৰ্মৰত মুজাম্মাল হুছেইন নামৰ এজন ব্যক্তিৰ সৈতে হাৰুণ অহৰহ যোগাযোগত আছিল।
ইফালে বাৰাণসীত চলোৱা আন এক অভিযানত বাৰাণসী জিলাৰ জয়তপুৰা থানা এলেকাৰ দোশীপুৰাৰ বাসিন্দা টুফাইল নামৰ আন এজন সন্দেহযুক্ত লোকক গ্ৰেপ্তাৰ কৰে। এ টি এছৰ বিবৃতিত কোৱা হৈছে যে, ‘টুফাইলে কেইবাজনো পাকিস্তানী ব্যক্তিৰ সংস্পৰ্শত আছিল বুলি অভিযোগ উঠিছে আৰু নিষিদ্ধ পাকিস্তানী সন্ত্ৰাসবাদী সংগঠন তেহৰিক-ই-লাববাইকৰ নেতা মৌলানা ছাদ ৰিজভিৰ ভিডিঅ’ প্ৰায়েই শ্বেয়াৰ কৰিছিল।’