দিল্লীৰ পৰা উত্তৰ প্ৰদেশৰ গোণ্ডা অভিমুখে ৭০জন যাত্ৰী কঢ়িয়াই অনা এখন ডাবল ডেকাৰ বাছ লক্ষ্ণৌ-আগ্ৰা এক্সপ্ৰেছৱেত জুইত জাঁহ যায়। টায়াৰ ফাটি বাছখন জ্বলি উঠে, যাৰ ফলত বাছখন জুইৰ শিখাই আগুৰি ধৰে।
সৌভাগ্যক্ৰমে এই জুইয়ে বাছখন আগুৰি ধৰাৰ পূৰ্বেই সকলো যাত্ৰীক নিৰাপদে উলিয়াই অনা হয়। কাকোৰী থানা এলেকাৰ আগ্ৰা এক্সপ্ৰেছৱে টোল প্লাজাৰ ঠিক সন্মুখত সংঘটিত হয় এই ঘটনা। ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ দল উপস্থিত হৈ জুই নিৰ্বাপন কৰে।
মন কৰিবলগীয়া যে, অন্ধ্ৰ প্ৰদেশৰ কুৰ্ণুলত বাছত অগ্নিকাণ্ডত মৃত্যু হয় এজন মটৰ চাইকেল আৰোহীকে ধৰি ২০ জন লোকৰ। চলিত মাহৰ আৰম্ভণিতে ৰাজস্থানৰ জবালপুৰত এখন চলন্ত বাছত অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত কেইবাজনো যাত্ৰীয়ে প্ৰাণ হেৰুৱাইছিল।
কাকোৰী থানা এলেকাৰ অন্তৰ্গত আগ্ৰা এক্সপ্ৰেছৱে টোল প্লাজাৰ ঠিক আগতে পুৱা ৫ বজাত সংঘটিত হয় এই বাছ দুৰ্ঘটনা। প্ৰাথমিক তদন্তৰ প্ৰতিবেদন অনুসৰি, চলি থকা বাছখনৰ টায়াৰ ফাটি যোৱাৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হয়, আৰু সমগ্ৰ বাহনখনতে জুই দ্ৰুতগতিত বিয়পি পৰে। চালক আৰু যাত্ৰীসকলে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰি বাকীকেইজনক উলিয়াই আনে।
প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, বাছখন কিছু মিনিটৰ ভিতৰতে জুইত জাঁহ যায় আৰু এক্সপ্ৰেছৱে’ৰ সিপাৰে ঘন ধোঁৱা প্ৰেৰণ কৰে। ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী আৰু স্থানীয় আৰক্ষী উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰে। কোনো লোক আহত বা হতাহতিৰ খবৰ পোৱা নাই। বৰ্তমান লক্ষ্ণৌ-আগ্ৰা এক্সপ্ৰেছৱে’ত অগ্নিকাণ্ডৰ কাৰণৰ তদন্ত অব্যাহত ৰাখিছে বিষয়াসকলে।










