আমেৰিকাত চলি থকা চৰকাৰী বন্ধৰ প্ৰত্যক্ষ প্ৰভাৱ পৰিছে এতিয়া দেশখনৰ বিমান সেৱাত। শুকুৰবাৰে পুৱালৈকে ৮০০ৰো অধিক বিমান বাতিল কৰা হৈছে, যিটো বৃহস্পতিবাৰৰ সংখ্যাতকৈ চাৰিগুণ।
এই সংকটৰ মাজতে ফেডাৰেল এভিয়েশন এডমিনিষ্ট্ৰেচনে (এফ এ এ) নিউয়ৰ্ক, লছ এঞ্জেলছ, ছান ডিয়েগোৰ দৰে ডাঙৰ হাবকে ধৰি দেশজুৰি ৪০টা ডাঙৰ বিমানবন্দৰত বিমান সেৱা ৪% হ্ৰাস কৰাৰ নিৰ্দেশ দিছে।
শুকুৰবাৰৰ পৰা এফ এ এৰ এই নিৰ্দেশ কাৰ্যকৰী হয় আৰু যদিহে বন্ধ হৈ থাকে তেন্তে অহা সপ্তাহৰ ভিতৰত এই হ্ৰাস ১০% লৈ বৃদ্ধি পাব পাৰে। এক প্ৰতিবেদন অনুসৰি সম্ভাৱ্য বিশৃংখলতাৰ পৰা হাত সাৰিবলৈ ইতিমধ্যে বিমান সংস্থাসমূহে শ শ বিমান সেৱা বাতিল কৰিছে।
এক প্ৰতিবেদনত কোৱা হৈছে যে বিমান সেৱাসমূহ মূলতঃ পুৱা ৬ বজাৰ পৰা নিশা ১০ বজাৰ ভিতৰত প্ৰভাৱিত হ’ব। প্ৰথম অৱস্থাত এই হ্ৰাস ৪% হ’ব, যিটো অহা সপ্তাহত ১০% লৈ বৃদ্ধি হ’ব পাৰে। অৱশ্যে আন্তঃৰাষ্ট্ৰীয় বিমান সেৱাসমূহ বৰ্তমান এই নিয়মৰ পৰা ৰেহাই দিয়া হৈছে।
বিশ্লেষক শ্বিলা কাহিয়াঅ’গ্লুৰ মতে, নৱেম্বৰ আৰু ডিচেম্বৰ মাহত আমেৰিকাৰ চাৰিটা প্ৰধান বিমান সংস্থা আমেৰিকান এয়াৰলাইন্স, ডেল্টা, ইউনাইটেড আৰু চাউথৱেষ্টৰ ওপৰত অধিক প্ৰভাৱ পৰিব। ফ্লাইটএৱেৰৰ ৱেবছাইট অনুসৰি শুকুৰবাৰে পুৱা ৪:৩০ বজালৈকে ৮০০খন বিমান বাতিল কৰা হৈছে, বৃহস্পতিবাৰে মাত্ৰ ২০১খন বিমান বাতিল কৰা হৈছিল। বিমান সংস্থাসমূহে জনোৱা মতে, যিসকল যাত্ৰীৰ বিমান বাতিল হ’ব তেওঁলোকে সম্পূৰ্ণ ধন ঘূৰাই পাব।











