বৃহস্পতিবাৰে আমেৰিকাৰ ৱাশ্বিংটনত সংঘটিত হোৱা ভয়ংকৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ৬৭ জনলৈ বৃদ্ধি পাইছে। এই কথা জনাইছে আমেৰিকাৰ অগ্নিনিৰ্বাপক বাহিনীৰ এগৰাকী শীৰ্ষ বিষয়াই।
এখন যাত্ৰীবাহী বিমান আৰু এখন সামৰিক হেলিকপ্টাৰৰ মাজত মাজ আকাশত হোৱা সংঘৰ্ষৰ ফলত দুৰ্ঘটনাগ্ৰস্ত হৈ নদীত পৰে। লগে লগে উদ্ধাৰকাৰী দলে উদ্ধাৰ অভিযান আৰম্ভ কৰে আৰু এই পৰ্যন্ত ৪৬ জন লোকৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
সন্ধানহীন লোকসকলক বিচাৰি উলিয়াবলৈ উদ্ধাৰকাৰী দলে এতিয়াও অব্যাহত ৰাখিছে অভিযান।
উল্লেখ্য যে, ৰোনাল্ড ৰোগান ৱাশ্বিংটন ৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপত আমেৰিকান এয়াৰলাইন্সৰ এখন ঘৰুৱা যাত্ৰীবাহী বিমানৰ সৈতে আমেৰিকাৰ সামৰিক ব্লেক হক হেলিকপ্টাৰৰ সংঘৰ্ষ হয়। লগে লগে বিমান আৰু হেলিকপ্টাৰখন প’ট’মেক নদীত বাগৰি পৰে।
দুৰ্ঘটনাটোৰ পিছতে আমেৰিকান এয়াৰলাইন্স কৰ্তৃপক্ষই নিশ্চিত কৰিছে যে যাত্ৰীবাহী বিমানখনত কৰ্মীসহ মুঠ ৬৪জন যাত্ৰী আছিল। ইফালে হেলিকপ্টাৰখনত আছিল তিনিজন সেনা জোৱান।
ইফালে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এই দুৰ্ঘটনাক লৈ ছ’চিয়েল মিডিয়াত ক্ষোভ প্ৰকাশ কৰে। তেওঁ কয় যে বিমানখন দেখাৰ আগতেই হেলিকপ্টাৰখন আঁতৰি যাব লাগিছিল। ট্ৰাম্পে সামৰিক বাহিনীৰ নিয়ন্ত্ৰণ টাৱাৰৰ ভূমিকাক লৈও প্ৰশ্ন উত্থাপন কৰে। ছ’চিয়েল মিডিয়াত এই বক্তব্য প্ৰকাশ কৰিলেও ট্ৰাম্পে আনুষ্ঠানিক বিবৃতিত নিজৰ ক্ষোভ প্ৰকাশ কৰা নাছিল। তেওঁ এই দুৰ্ঘটনাক ‘ভয়ংকৰ দুৰ্যোগ’ বুলি অভিহিত কৰে।