ব্যৱসায়-বাণিজ্যক কেন্দ্ৰ কৰি দুই শক্তিধৰ দেশ আমেৰিকা আৰু ভাৰতৰ মাজত ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে শত্ৰুতা। মঙলবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কৰা এক মন্তব্যত দুয়োখন দেশৰ মাজত যে সম্পৰ্কৰ অধিক অৱনতি ঘটিব সেয়া নিশ্চিত হৈ পৰে।
মঙলবাৰে ভাৰতক একপ্ৰকাৰ ধমক প্ৰদান কৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে অহা ২৪ ঘণ্টাৰ ভিতৰত ভাৰতৰ ওপৰত আৰু অধিক শুল্ক আৰোপ কৰাৰ হুংকাৰ প্ৰদান কৰে।
এটা সাক্ষাতকাৰত ট্ৰাম্পে ভাৰতক সুবিধাজনক সহযোগী বুলি উল্লেখ কৰি কয়, ‘আমাৰ সৈতে তেওঁলোকে বহুত ব্যৱসায় কৰে কিন্তু আমি তেওঁলোকৰ লগত অধিক ব্যৱসায় নকৰো। গতিকে আমি ২৫ শতাংশ শুল্কৰ ওপৰত সহমত হৈছিলো, কিন্তু মই ভাবো অহা ২৪ ঘণ্টাত মই ইয়াক আৰু অধিক বৃদ্ধি কৰিম কাৰণ তেওঁলোকে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰি আছে।’
ট্ৰাম্পে এদিন পূৰ্বে কৈছিল যে ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰি লাভত বিক্ৰী কৰি আছে। ট্ৰাম্পৰ এই বক্তব্যৰ ওপৰত ভাৰতে খাৰুৱা তেল ৰপ্তানিৰ বাবে আমেৰিকা আৰু ইউৰোপীয় সংঘক যথেষ্ট সমালোচনা কৰিছিল।
উল্লেখ্য যে, ট্ৰাম্পৰ শুল্ক ভাবুকিৰ মাজতে ৰাছিয়াই ভাৰতৰ সমৰ্থনত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে যিকোনো সাৰ্বভৌম দেশৰ বাণিজ্যিক অংশীদাৰ বাছনি কৰাৰ অধিকাৰ আছে আৰু তেওঁলোকক এনেধৰণৰ ভাবুকি দিব নোৱাৰে।