উত্তৰ প্ৰদেশত ২৫ হাজাৰ খন মাদ্ৰাছা আছে। ইয়াৰ ভিতৰত, প্ৰায় ১৬,৫০০ খন মাদ্ৰাছা ৰাজ্যিক মাদ্ৰাছা শিক্ষা পৰিষদৰ সৈতে সংযুক্ত। ইয়াৰ ভিতৰত, ৫৬০ খন মাদ্ৰাছাই ৰাজ্য চৰকাৰৰ পৰা অনুদান প্ৰাপ্ত কৰে।
উত্তৰ প্ৰদেশৰ প্ৰায় ৫১৩ খন মাদ্ৰাছাই ৰাজ্যিক মাদ্ৰাছা শিক্ষা পৰিষদৰ (মাদ্ৰাছা বোৰ্ড) স্বীকৃতি প্ৰত্যাহাৰৰ বাবে আবেদন কৰিছে। যাৰ বাবে ১০ ছেপ্টেম্বৰত পৰিষদৰ এক বৈঠকত ইয়াৰ সৈতে সম্পৰ্কিত এটা প্ৰস্তাৱ অনুমোদিত কৰা হৈছে।
পৰিষদে ইয়াত জাৰি কৰা এক বিবৃতি অনুসৰি, ৰাজ্যখনৰ বিভিন্ন জিলাৰ প্ৰায় ৫১৩ খন মাদ্ৰাছা পৰিষদৰ পৰা স্বীকৃতি প্ৰত্যাহাৰৰ বাবে আবেদন কৰিছে আৰু ইয়াৰ সৈতে সম্পৰ্কিত প্ৰস্তাৱটো বৈঠকত অনুমোদিত হৈছে আৰু পৰিষদৰ পঞ্জীয়কক পৰৱৰ্তী পদক্ষেপ ল’বলৈ কৰ্তৃত্ব দিয়া হৈছে।
এই বৈঠকত উপস্থিত থকা মাদ্ৰাছা শিক্ষা পৰিষদৰ সদস্য কমৰ আলীয়ে পিটিআইক জনায় যে, ৰাজ্যখনৰ ৫১৩ খন মাদ্ৰাছাই, ৰাজ্যিক মাদ্ৰাছা শিক্ষা পৰিষদৰ পৰা লাভ কৰা স্বীকৃতি সমৰ্পণৰ বাবে আবেদন কৰিছে। তেওঁ কয় যে, এই মাদ্ৰাছাসমূহে বিভিন্ন কাৰণত স্বীকৃতি প্ৰত্যাহাৰৰ বাবে আবেদন কৰিছে।
পূৰ্বতে জিলা সংখ্যালঘু কল্যাণ অধিকাৰী পৰ্যায়ত মাদ্ৰাছাবোৰক স্বীকৃতি দিয়া হৈছিল আৰু উদ্ভাৱন কৰা হৈছিল, কিন্তু বৰ্তমান এই ক্ষমতা পঞ্জীয়কক দিয়া হৈছে।
উত্তৰ প্ৰদেশত প্ৰায় ২৫,০০০খন মাদ্ৰাছা আছে। ইয়াৰ ভিতৰত, প্ৰায় ১৬,৫০০ খন মাদ্ৰাছা ৰাজ্যিক মাদ্ৰাছা শিক্ষা পৰিষদৰ সৈতে সংযুক্ত। ইয়াৰ ভিতৰত ৫৬০ খন মাদ্ৰাছাই ৰাজ্য চৰকাৰৰ পৰা অনুদান প্ৰাপ্ত কৰিছে। মাদ্ৰাছা শিক্ষা পৰিষদে জাৰি কৰা এক বিবৃতি অনুসৰি, মাদ্ৰাছাসমূহৰ স্বীকৃতি সম্পৰ্কীয় প্ৰক্ৰিয়াটো অনলাইন কৰাৰ বাবে বৈঠকত এক প্ৰস্তাৱও গৃহীত কৰা হয়।