মোৰাডাবাদত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। এগৰাকী ১৪ বছৰীয়া কিশোৰীক নিচাযুক্ত দ্ৰব্য খুৱাই অপৰাধীয়ে সংঘটিত কৰে জঘন্য কাণ্ড।
মোৰাডাবাদৰ ভগতপুৰ থানা এলেকাৰ এখন গাঁৱত সংঘটিত হৈছে এই ভয়ানক ঘটনা। অভিযোগ অনুসৰি, প্ৰথমে এগৰাকী ১৪ বছৰীয়া দলিত কিশোৰীক গাঁওখনৰ আন এটা সম্প্ৰদায়ৰ বাসিন্দা ছলমান, জুবাইৰ, ৰছিদ আৰু আৰিফে মাদক দ্ৰব্য খুৱাই অপহৰণ কৰে। ইয়াৰ পিছত কিশোৰীগৰাকীক এটা কোঠাত আবদ্ধ কৰি ৰাখে, য’ত চাৰিওজনে এজন এজনকৈ কিশোৰীগৰাকীৰ সৈতে অপকৰ্ম সংঘটিত কৰে।
পিছত বলপূৰ্বকভাৱে কিশোৰীগৰাকীক নিষিদ্ধ মাংসও খুৱাই দিয়া বুলি জানিব পৰা গৈছে। প্ৰতিবাদ কৰিলেই তেওঁক শাৰিৰীকভাৱে প্ৰহাৰ কৰাৰ উপৰি পৰিয়ালৰ লোককো শেষ কৰি দিব বুলি কিশোৰীগৰাকীয়ে জানিবলৈ দিয়ে। পিছত কিশোৰীগৰাকীৰ হাতত খোদিত ওমৰ প্ৰতীকত অভিযুক্তই ক্ষুব্ধ হৈ তেওঁৰ হাতত এচিডো ঢালি দিয়ে।
শেষত একেবাৰে বিচলিত অৱস্থাত ছোৱালীজনীয়ে ঘৰত উপস্থিত হৈ নিজৰ সৈতে হোৱা এই কলা অধ্যায়ৰ কথা উল্লেখ কৰে। ইফালে অভিযুক্তই এই ঘটনাৰ বিষয়ে কাৰোবাৰ ওচৰত উল্লেখ কৰিলে ভয়ানক শাস্তি প্ৰদান কৰা হব বুলিও ভাবুকি দিয়া বুলি উল্লেখ কৰে কিশোৰীগৰাকীয়ে।তাৰ পিছতেই পৰিয়ালৰ লোকে আৰক্ষীৰ সন্মুখত অভিযোগ উত্থাপন কৰে।ইতিমধ্যে আৰক্ষী থানাত অভিযুক্তৰ বিৰুদ্ধে গোচৰো ৰুজু কৰা হৈছে।