উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। আন্তঃৰাজ্যিক অবৈধ অস্ত্ৰ সৰবৰাহকাৰী চক্ৰৰ সক্ৰিয় সদস্য মুস্কান তিৱাৰীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।
আৰক্ষীয়ে মুস্কানৰ পৰা ৪টা পিষ্টল আৰু ৭টা মেগজিন উদ্ধাৰ কৰে। ইয়াৰ পূৰ্বে আৰক্ষীয়ে চুলতানপুৰ জিলাৰ পৰা মুস্কান তিৱাৰীক তেওঁৰ দুই সহযোগীৰ সৈতে গ্ৰেপ্তাৰ কৰিছিল। সেই সময়ছোৱাত আৰক্ষীয়ে দুটা পিষ্টল উদ্ধাৰ কৰিছিল।
লক্ষ্ণৌ আৰক্ষীয়ে অবৈধ অস্ত্ৰ সৰবৰাহৰ গোচৰত গ্ৰেপ্তাৰ কৰিছে জৌনপুৰ জিলাৰ সৰ্পথা থানাৰ ৰুদৌলিৰ নিবাসী সন্তোষ তিৱাৰীৰ কন্যা মুস্কান তিৱাৰীক। আৰক্ষীৰ তথ্য অনুসৰি, অভিযুক্তৰ পৰা ৪টা ৩২ ব’ৰ পিষ্টল, ৭টা মেগজিন আৰু ১টা মোবাইল ফোন উদ্ধাৰ কৰা হৈছে। কৈছেৰবাগ বাছ আস্থানৰ সমীপত অভিযুক্তক গ্ৰেপ্তাৰ কৰা হয়।