৫ নৱেম্বৰত উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰ জিলাত সংঘটিত হয় এক ডাঙৰ ৰে’ল দুৰ্ঘটনা। চুনাৰ ৰে’ল ষ্টেচনত ৰে’লৰ খুন্দাত ৫ জন লোক নিহত হয়। এই শোকাৱহ দুৰ্ঘটনাটোৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰীয়ে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।
ঘটনাৰ বিৱৰণ অনুসৰি, কাতি মাহৰ পূৰ্ণিমা তিথিৰ বাবে স্নান কৰিবলৈ ৰাতিপুৱা খোজকাঢ়ি ওলাই আহিছিল। সেই সময়তে ৰেলপথ পাৰ হৈ গৈ থকা অৱস্থাত ৰে’লৰ খুন্দাত প্ৰায় ৫ জন লোক নিহত হয়। এই পৰ্যন্ত ৫ জন লোকৰ মৃত্যু হোৱা বুলি ৰেলৱেই নিশ্চিত কৰিছে। অৱশ্যে মৃতকৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলিও উল্লেখ কৰা হৈছে।
মুখ্যমন্ত্ৰীয়ে ঘটনাস্থলীত তৎকালীনভাৱে উপস্থিত হৈ সাহায্য অভিযান ক্ষিপ্ৰতাৰে কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে। তদুপৰি এছডিআৰএফ আৰু এনডিআৰএফৰ দলসমূহক তৎক্ষণাত সেই স্থানত উপস্থিত হৈ সাহায্য অভিযান আৰম্ভ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে আৰু আহতসকলক সঠিক চিকিৎসাৰ বাবে নিৰ্দেশ দিয়া হৈছে।
এই ভয়ানক দুৰ্ঘটনাত নিহতসকলৰ নাম পোহৰলৈ আহিছে-
সবিতা (ৰাজকুমাৰৰ পত্নী)
সাধনা (বিজয় শংকৰৰ কন্যা)
শিৱকুমাৰী (বিজয় শংকৰৰ কন্যা)
আপ্পু দেৱী (শ্যাম প্ৰসাদৰ কন্যা)
সুশীলা দেৱী (মটিলালৰ পত্নী)












