আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ৬ জানুৱাৰীত ভেনিজুৱেলাত কৰা আক্ৰমণৰ সম্পূৰ্ণ তথ্য জাৰী কৰিছে। ৰিপাব্লিকান সাংসদসকলক সম্বোধন কৰি ট্ৰাম্পে নিকোলাছ মাদুৰোক লক্ষ্য কৰি লৈ ভেনিজুৱেলাত আক্ৰমণৰ চলোৱাৰ বাৰে মাৰ্কিন সৈন্যক ভূয়সী প্ৰশংসা কৰে। তেওঁ কয় যে, সমগ্ৰ দেশখনৰ বিদ্যুৎ বিচ্ছিন্ন কৰাৰ লগতে ১৫২খন যুঁজাৰু বিমানে ভেনিজুৱেলাত ডাঙৰ আক্ৰমণ চলাইছিল।
তেওঁ কয় যে, এই আক্ৰমণৰ দ্বাৰা আমেৰিকা যুক্তৰাষ্ট্ৰই পুনৰবাৰ প্ৰমাণ কৰি দেখুৱাইছে যে আমেৰিকাৰ লগত সকলোতকৈ শক্তিশালী, সকলোতকৈ ঘাটক আৰু সকলোতকৈ হিংসুক সেনা আছে। ট্ৰাম্পে লগতে কয় যে, আমেৰিকাই যি কৰি দেখুৱাইছে তেনেদৰে পৃথিৱীৰ কোনো এখন দেশেও কৰি দেখুৱাব নোৱাৰে।
নিকোলাছ মাদুৰোৰ বিষয়ে উল্লেখ কৰি ট্ৰাম্পে কয় যে, তেওঁ বছৰ বছৰ ধৰি মাদুৰোক লক্ষ্য কৰি আছিল। কিয়নো তেওঁ হিংসাত বিশ্বাস কৰা এগৰাকী ব্যক্তি, যিয়ে অসংখ্য লোকৰ প্ৰাণ কাঢ়িছে। তেওঁ কয় যে, মাদুৰোৰ মুক্তিৰ বাবে যিসকল লোকে প্ৰতিবাদ, তেওঁলোককো আনকি ধন ুৰ্দান কৰিহে মাতি অনা হৈছিল।
পিছে ইয়াৰ মাজতে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীক নিজৰ আসন হেৰুওৱাৰ ভয়েও আমনি কৰিছে। ৱাশ্বিংটনত হাউছ ৰিপাব্লিকানৰ এখন বৈঠকত তেওঁ কয় যে, তেওঁলোকৰ বাবে মধ্যকালীন নিৰ্বাচনত জয়ী হোৱাটো দৰকাৰ, কিয়নো মধ্যকালীন নিৰ্বাচনত জয়ী নহলে, বিৰোধীয়ে ট্ৰাম্পৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰাৰ অজুহাত বিচাৰি পাব।









