উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত এন ডি এৰ প্ৰাৰ্থী চি পি ৰাধাকৃষ্ণনৰ সপক্ষে ভোট দিবলৈ কেন্দ্ৰীয় মন্ত্ৰী ৰামদাস আঠাৱালেই শৰদ পাৱাৰ, উদ্ধৱ ঠাকৰে আৰু কংগ্ৰেছৰ সাংসদসকলক আহ্বান জনাইছে।
এই সন্দৰ্ভত আঠৱালেই যুক্তি প্ৰদৰ্শন কৰি কয় যে মহাৰাষ্ট্ৰৰ ৰাজ্যপালগৰাকীয়ে উপ-ৰাষ্ট্ৰপতি পদত প্ৰতিদ্বন্দ্বিতা কৰিছে সেয়ে এই তিনিটা দলৰ মুঠ ৩১ গৰাকী সাংসদে চি পি ৰাধাকৃষ্ণনৰ সপক্ষে ভোট দিব লাগে।
বুধবাৰে এখন সংবাদমেলৰ জৰিয়তে এই মন্তব্য কৰে ৰামদাস আঠৱালে।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে কয় যে বিৰোধী মিত্ৰজোঁটে বি সুদৰ্শন ৰেড্ডীক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে। কিন্তু নিৰ্বাচন বিনা বিৰোধীৰে হ’ব লাগিছিল। আমাৰ স্পষ্ট সংখ্যাগৰিষ্ঠতা আছে। এই নিৰ্বাচনত আমাৰ প্ৰাৰ্থী জয়ী হ’ব, কিন্তু তাৰ পিছতো তেওঁলোকে অন্ধ্ৰ প্ৰদেশৰ এজন প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে।
মন্ত্ৰী আঠৱালেই লগতে কয় যে চন্দ্ৰবাবু নাইডুৰ দলে সুদৰ্শন ৰেড্ডীক সমৰ্থন কৰিব বুলি মই নাভাবো। চন্দ্ৰবাবু নাইডুৰ দল আমাৰ এন ডি এৰ লগত আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে চন্দ্ৰবাবু নাইডুৰ ভাল সম্পৰ্ক।