ভাৰত আৰু ইংলেণ্ডৰ বিৰুদ্ধে চলি থকা এদিনীয়া শৃংখলাৰ তৃতীয় তথা অন্তিমখন মেচত বিৰাট কোহলীয়ে ৰচিলে ইতিহাস। আহমেদাবাদত চলি থকা অন্তিমখন মেচত বিৰাট কোহলীয়ে ভাৰতৰ কিম্বদন্তী বেটাৰ শচীন তেণ্ডুলকাৰৰ নামত থকা ৰানৰ এক অভিলেখ ভংগ কৰে।
ইংলেণ্ডৰ বিৰুদ্ধে সৰ্বাধিক ৰান সংগ্ৰহ কৰা ভাৰতীয় ক্ৰিকেটাৰত পৰিণত হয় কোহলী। কোহলীয়ে ইংলেণ্ডৰ বিৰুদ্ধে ৪০০০ৰো অধিক ৰান সংগ্ৰহ কৰিছে।
শৃংখলাৰ অন্তিমখন মেচত প্ৰথমে বেট ধৰা ভাৰতৰ হৈ তিনি নম্বৰত বেটিং কৰিবলৈ আহে কোহলী। দীৰ্ঘদিন ধৰি ফৰ্মহীনতাত ভুগি থকা কোহলীয়ে আজিৰ মেচখনত ৫২ ৰানৰ অৰ্ধশতকীয় ইনিংছ খেলে। তেওঁৰ ইনিংছটোত আছিল ৭টা চাৰি আৰু এটা ছয়।
ইংলেণ্ডৰ বিৰুদ্ধে সৰ্বাধিক ৰান সংগ্ৰহ কৰা ভাৰতীয় খেলুৱৈৰ এই অভিলেখ পূৰ্বতে আছিল শচীন তেণ্ডুলকাৰৰ নামত। ইংলেণ্ডৰ বিৰুদ্ধে শচীনে সংগ্ৰহ কৰিছিল ৩৯৯০ ৰান। কোহলীয়ে কেৱল শচীনে নহয় মহেন্দ্ৰ সিং ধোনী আৰু ৰাহুল দ্ৰাবিড়ৰো অভিলেখ ভংগ কৰে।