আজি আই পি এলৰ ১৮ সংখ্যক ছীজনৰ এখন গুৰুত্বপূৰ্ণ মেচত মুখামুখি হৈছে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু আৰু মুম্বাই ইণ্ডিয়ানছ। এই মেচখনত অৱতীৰ্ণ হোৱাৰ লগে লগে এক বিশেষ কৃতিত্ব গঢ়িবলৈ সক্ষম হয় বিৰাট কোহলী।
দৰ্শনীয় অৰ্ধশতকীয় ইনিংছ খেলা বিৰাট কোহলীয়ে টি-২০ কেৰিয়াৰত সম্পূৰ্ণ কৰিলে ১৩ হাজাৰ ৰান। এই বিশেষ কৃতিত্ব গঢ়া কোহলী ভাৰতৰ প্ৰথমগৰাকী ক্ৰিকেটাৰৰ লগতে বিশ্বৰ পঞ্চমগৰাকী ক্ৰিকেটাৰত পৰিণত হয়।
কোহলীৰ পূৰ্বে এই কৃতিত্ব গঢ়িছিল ক্ৰিছ গেইল, এলেক্স হেলছ, শ্বোৱাইব মালিক আৰু কাইৰন পোলাৰ্ডে। কোহলীয়ে এই বিশেষ মাইলষ্ট’নত উপনীত হ’বলৈ প্ৰয়োজন হয় ৩৮৬টা ইনিংছৰ।
টি-২০ ক্ৰিকেটত ১৩ হাজাৰ ৰান সম্পূৰ্ণ কৰা ক্ৰিকেটাৰ
১৪৫৬২- ক্ৰিছ গেইল (৩৮১)
১৩৬১০- এলেক্স হেলছ (৪৭৪)
১৩৫৫৭- শ্বোৱাইব মালিক (৪৮৭)
১৩৫৩৭- কাইৰন পোলাৰ্ড (৫৯৪)
১৩০০১- বিৰাট কোহলী (৩৮৬)
উল্লেখ্য যে, আজিৰ মেচখনত আৰ চি বিয়ে প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত ২০ অভাৰত ৫টা উইকেট হেৰুৱাই ২২১ ৰান সংগ্ৰহ কৰে। আৰ চি বিৰ হৈ কোহলীয়ে ৬৭, অধিনায়ক ৰজত পাটিদাৰে ৬৪ আৰু জীতেশ শৰ্মাই ৪০ ৰানৰ বিস্ফোৰক ইনিংছ খেলে।