সাম্প্ৰতিক সময়ৰ শ্ৰেষ্ঠ ক্ৰিকেটাৰ বিৰাট কোহলীয়ে শীঘ্ৰে ভাৰত ত্যাগ কৰিব। বিৰাট কোহলীৰ শৈশৱৰ প্ৰশিক্ষক ৰাজকুমাৰ শৰ্মাই নিশ্চিত কৰিছে যে ক্ৰিকেটাৰগৰাকী, তেওঁৰ পত্নী অনুষ্কা শৰ্মা আৰু তেওঁলোকৰ দুটি সন্তানে লণ্ডনত স্থায়ীভাৱে থাকিবলৈ শীঘ্ৰে ভাৰত ত্যাগ কৰিব।
এই খবৰ সন্দৰ্ভত শৰ্মাই অধিক তথ্য প্ৰকাশ কৰা নাই যদিও অৱসৰৰ পিছৰ সময়খিনি বিৰাট কোহলীয়ে নিজৰ পৰিয়ালৰ সৈতে ব্ৰিটেইনত কটোৱাৰ পৰিকল্পনা কৰিছে বুলি ইংগিত দিয়ে।
উল্লেখ্য যে, বিগত কিছু বছৰৰ পৰা বিৰাট কোহলীক প্ৰায়ে লণ্ডনত থকা দেখা গৈছে। চলিত বছৰৰ আৰম্ভণিতে তেওঁলোকৰ দ্বিতীয় সন্তানটিৰ জন্মও হৈছিল লণ্ডনত।
খবৰ অনুসৰি, বিৰাট কোহলী আৰু তেওঁৰ অভিনেত্ৰী পত্নী অনুষ্কা শৰ্মাই লণ্ডনত সম্পত্তি ক্ৰয় কৰিছে আৰু ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ পিছত তাতেই স্থায়ীভাৱে থকাৰ সম্ভাৱনা আছে।
‘হয়, বিৰাট কোহলীয়ে পত্নী অনুষ্কা শৰ্মা আৰু তেওঁলোকৰ দুটি সন্তানৰ সৈতে লণ্ডন যোৱাৰ পৰিকল্পনা কৰিছে। তেওঁ ভাৰত ত্যাগ কৰি শীঘ্ৰেই লণ্ডনলৈ স্থানান্তৰিত হ’ব। ক্ৰিকেটৰ পৰা আঁতৰি থকা সময়খিনিত কোহলীয়ে তেওঁৰ পৰিয়ালৰ সৈতে বেছিভাগ সময় লণ্ডনতে কটোৱা পৰিলক্ষিত হয়’, দৈনিক জাগৰণক দিয়া এটা সাক্ষাতকাৰত শৰ্মাই এই কথা কয়।
বিৰাট কোহলীৰ শৈশৱৰ প্ৰশিক্ষক শৰ্মাই কোৱা কথা যদি সঁচা হয় তেন্তে নিশ্চিতভাৱে ভাৰতীয় ক্ৰিকেট অনুৰাগীৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হ’ব।