অপাৰেশ্যন সিন্দূৰ সন্দৰ্ভত ডাঙৰ তথ্য সদৰি কৰিলে ভাৰতীয় বায়ু সেনাৰ মুৰব্বী অমৰ প্ৰীত সিঙে। অপাৰেশ্যন সিন্দূৰৰ সময়ত ভাৰতীয় সেনাই পাকিস্তানৰ ৬ খন বিমান ধ্বংসস্তুপত পৰিণত কৰিছিল বুলি এয়াৰ চীফ মাৰ্শ্বাল এ পি সিঙে মন্তব্য কৰে।
ভাৰতীয় সেনাৰ হাতত ধ্বংস হোৱা পাকিস্তানৰ বিমান কেইখনৰ ভিতৰত আছিল পাঁচখন ফাইটাৰ জেটছ আৰু এখন AWACS নামৰ বৃহৎ বিমান।
অপাৰেশ্যন সিন্দূৰৰ জৰিয়তে আমি পাকিস্তানক স্পষ্ট বাৰ্তা প্ৰদান কৰা বুলিও মন্তব্য কৰে এয়াৰ চীফ মাৰ্শ্বাল এ পি সিঙে।
উল্লেখ্য যে, অপাৰেশ্যন সিন্দূৰৰ সময়ত পাকিস্তানৰ ক্ষতিসাধন সন্দৰ্ভত ভাৰতীয় বায়ুসেনাৰ এয়া প্ৰথম আনুষ্ঠানিক বক্তব্য। বাংগালুৰুত এক অনুষ্ঠানত ভাষণ দি এয়াৰ চীফ মাৰ্শ্বাল এ পি সিঙে এই সফল বিমান আক্ৰমণৰ কাৰণ এছ-৪০০ এয়াৰ ডিফেন্স চিষ্টেম বুলি কয়।
এয়াৰ চীফ মাৰ্শ্বাল সিঙে ৭ মে’ত ভাৰতীয় সেনাই অপাৰেশ্যন সিন্দূৰৰ জৰিয়তে পাকিস্তানৰ সন্ত্ৰাসবাদী শিবিৰত চলোৱা আক্ৰমণৰ ‘পূৰ্বৰ আৰু পিছৰ’ উপগ্ৰহৰ ছবিও ৰাজহুৱা কৰে।
বায়ুসেনাৰ মুৰব্বীগৰাকীয়ে লগতে কয় যে ৭ মে’ত আক্ৰমণ কৰা ৯টা লক্ষ্যৰ ভিতৰত এটা লক্ষ্য হৈছে তেওঁলোকৰ মুৰিডকেত থকা লস্কৰ-ই-তৈবাৰ মুখ্য কাৰ্যালয়।