বাৰে বাৰে কোৰান জ্বলাই বিতৰ্কত নাম সাঙোৰ খোৱা ছালৱান মমিকাক গুলীয়াই হত্যা কৰা হৈছে। ২৯ জানুৱাৰীৰ গভীৰ নিশা ষ্টকহোমৰ সমীপৰ ছ’ডেটেল অঞ্চলত মমিকাক গুলীয়াই হত্যা কৰা হয় বুলি জানিব পৰা গৈছে।
ইছলামৰ দুৰ্ঘোৰ সমালোচক আছিল ছালৱান মমিকা। সেয়ে বহু মুছলমান দেশ ছুইডেনৰ ওপৰত খৰ্গহস্ত হৈছিল। তুৰস্কই ছুইডেনক পোনপটীয়াকৈ ভাবুকিও দিছিল যে যদি তেওঁলোকে এনে লোকক নিজৰ দেশত প্ৰশ্ৰয় দিয়ে তেন্তে তেওঁলোকৰ সৈতে সম্পৰ্ক ত্যাগ কৰিব।
ছুইডেনৰ সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি, ‘২৯ জানুৱাৰীৰ গভীৰ নিশা ছোডৰতালজেৰ হোব্ছজোস্থিত এটা বাসগৃহত গুলীবিদ্ধ অৱস্থাত এজন ব্যক্তি উদ্ধাৰ হয়। মৃত ব্যক্তিজনক ৩৮ বছৰীয়া ছালৱান মমিকা বুলি চিনাক্ত কৰা হৈছে।’
এই ব্যক্তিজনৰ মৃত্যুৰ পিছত ষ্টকহোম জিলা আদালতে ৰায় স্থগিত ৰাখি কয় যে এতিয়া অভিযুক্তৰ মৃত্যুৰ পিছত ২ ফেব্ৰুৱাৰীত ৰায় ঘোষণা কৰা হ’ব।
উল্লেখ্য যে, ২০২৩ চনৰ ঈদৰ সময়ত ছুইডেনৰ ৰাজধানী ষ্টকহোমৰ আটাইতকৈ ডাঙৰ মছজিদৰ সন্মুখত কোৰাণ জ্বলাই বাতৰিৰ শিৰোনাম দখল কৰিছিল ছালৱান মমিকাই। এই ঘটনাৰ পিছতে ইৰাণ আৰু তুৰ্কীয়ে ছুইডেনক ভাবুকি দিছিল যে যদি ছুইডেনে এনে লোকক আশ্ৰয় দিয়ে তেন্তে ইয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
ছালৱান মমিকা মূলতঃ ইৰাকৰ আছিল। ইৰাকৰ শৰণাৰ্থী শিবিৰত জন্ম হৈছিল মমিকাৰ। সৰুৰে পৰাই তেওঁ ইছলামৰ বিৰুদ্ধে সৰৱ আছিল। ইৰাকৰ মোছুল চহৰৰ উপকণ্ঠ অঞ্চলত ২০১৭ চনত ইছলামক সম্পূৰ্ণকৈ নিৰ্মূল কৰাৰ লক্ষ্যৰে নিজাকৈ সশস্ত্ৰ গোট গঠন কৰিছিল ছালৱান মমিকাই। ছালৱান মমিকাই নিজকে ইৰাকৰ খ্ৰীষ্টান মিলিচীয়াৰ মুৰব্বী বুলি অভিহিত কৰে।
স্মৰ্তব্য যে, ২০১৮ চনত ইৰাকৰ পৰা ছুইডেনলৈ গৈছিল ছালৱান মমিকাই। তেওঁক ছুইডেনত তিনি বছৰৰ বাবে বাসস্থানৰ অনুমতি প্ৰদান কৰা হয়। এই সময়ছোৱাত ২০২৩ চনত তেওঁ কোৰাণক অপমান কৰিছিল। এই ঘটনাৰ পিছত সকলো মুছলমান দেশতে ক্ষোভ বিয়পি পৰে আৰু মুছলমান দেশসমূহে মমিকাক আশ্ৰয় নিদিবলৈ ছুইডেনক আবেদন জনায়।
ইফালে, ২০২৩ চনত ছুইডেনত থাকিবলৈ পুনৰ অনুমতি বিচাৰিছিল ছালৱান মমিকাই। কিন্তু মুছলমান দেশৰ অসন্তুষ্টিৰ বাবে ছুইডেনে ছালৱান মমিকাক অনুমতি দিবলৈ অস্বীকাৰ কৰে। ছুইডেনে কৈছিল যে তেওঁৰ হাতত কোনো বৈধ নথি-পত্ৰ নাই আৰু সেয়েহে তেওঁক পুনৰ অনুমতি পত্ৰ দিয়া নহ’ব।