টেষ্ট ক্ৰিকেটৰ পৰা ৰোহিত শৰ্মাই অৱসৰ লোৱাৰ পিছৰে পৰা চৰ্চা আৰম্ভ হৈছে কোন হ’ব ভাৰতীয় টেষ্ট দলৰ পৰৱৰ্তী অধিনায়ক। অধিনায়কৰ দৌৰত আছে শুভমন গিল আৰু জশপ্ৰীত বুমৰাহ।
একাংশ সংবাদ মাধ্যমত প্ৰকাশ পোৱা ৰিপ’ৰ্ট অনুসৰি, ৱৰ্কলোড মেনেজমেণ্টৰ প্ৰতি লক্ষ্য ৰাখি অধিনায়কৰ দৌৰৰ পৰা নিজৰ নাম প্ৰত্যাহাৰ কৰিছে যশপ্ৰীত বুমৰাহে।
যদিহে বুমৰাহৰ এই সিদ্ধান্ত সঁচা হয় তেন্তে শুভমন গিলেই ভাৰতৰ পৰৱৰ্তী টেষ্ট অধিনায়কৰ দায়িত্ব লাভ কৰিব। কিন্তু শেহতীয়াকৈ অধিনায়কৰ এই দৌৰত আন এজন ক্ৰিকেটাৰৰ নাম আহিছে, সেয়া হ’ল ঋষভ পন্ত।
স্কাই স্প’ৰ্টছৰ এক বাতৰি অনুসৰি ভাৰতীয় পুৰুষ দলৰ নিৰ্বাচকসকলে শুভমন গিল আৰু ঋষভ পন্তৰ সৈতে অনানুষ্ঠানিক আলোচনাত মিলিত হৈছে যদিও ৰোহিত শৰ্মাৰ ঠাইত কোনে টেষ্ট অধিনায়ক হিচাপে দায়িত্ব পাব সেই সন্দৰ্ভত এতিয়াও কোনো আনুষ্ঠানিক সিদ্ধান্ত হোৱা নাই।
উল্লেখ্য যে, ২০ জুনৰ পৰা ইংলেণ্ডত পাঁচখন টেষ্টৰ শৃংখলা খেলিব ভাৰতে আৰু এই ভ্ৰমণৰ বাবে ভাৰতীয় দল এতিয়াও ঘোষণা কৰা হোৱা নাই। চলিত সপ্তাহতে ইংলেণ্ডৰ শৃংখলাৰ বাবে ভাৰতে পৰৱৰ্তী অধিনায়ক আৰু টেষ্ট দল ঘোষণা কৰাৰ সম্ভাৱনা আছে।