কানাডাত অনুষ্ঠিত হ’বলগীয়া জি-৭ সন্মিলনলৈ আমন্ত্ৰণ জনোৱা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক। শেহতীয়াকৈ ভাৰত আৰু কানাডাৰ মাজত সম্পৰ্কৰ অৱনতি ঘটাৰ মাজতেই কানাডাৰ এই পদক্ষেপে বিশেষ চৰ্চা লাভ কৰিছে।
এই সন্দৰ্ভত প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্ণীয়ে কয় যে জি-৭ দেশসমূহে আগন্তুক শীৰ্ষ সন্মিলনত নিৰাপত্তা আৰু শক্তিকে ধৰি গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰত আলোচনা কৰিব। তেওঁ কয় যে আন্তঃচৰকাৰী ৰাজনৈতিক আৰু অৰ্থনৈতিক মঞ্চত ভাৰতৰ উপস্থিতি প্ৰয়োজনীয়।
কাৰ্ণীয়ে লগতে কয় যে ভাৰত বিশ্বৰ পঞ্চম বৃহত্তম অৰ্থনীতি আৰু লগতে সৰ্বাধিক জনবহুল দেশ, গতিকে নিশ্চিত ভাবে ভাৰত এই ঠাইত থাকিব লাগে।
তেওঁ কয়, ‘এই প্ৰসংগত মই আপোনালোকক দুটা দিশ ক’ম। জি-৭ৰ অধ্যক্ষৰ ভূমিকাত আছে কানাডা আৰু আমাৰ জি-৭ অংশীদাৰসকলৰ সৈতে হোৱা আলোচনাত শক্তি, নিৰাপত্তা, ডিজিটেল ভৱিষ্যত, জটিল খনিজ আৰু অন্যান্য বিষয়সমূহৰ ওপৰত গুৰুত্বপূৰ্ণ আলোচনা অন্তৰ্ভুক্ত কৰা হৈছে। লগতে উদীয়মান আৰু উন্নয়নশীল দেশসমূহৰ আন্তঃগাঁথনি গঢ়ি তোলাৰ ক্ষেত্ৰত অংশীদাৰিত্ব অন্তৰ্ভুক্ত কৰা হৈছে।’
তেওঁ লগতে কয় যে ভাৰত আৰু কানাডাই আইন প্ৰয়োগৰ ক্ষেত্ৰত কাম কৰি আছে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁলোকৰ আমন্ত্ৰণ গ্ৰহণ কৰিছে।