আৰ জি কৰ হাস্পতালৰ প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষৰ পত্নী সংগীতা ঘোষক আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ৰ পৰা বদলি কৰা হৈছে। তেওঁ মাইক্ৰ’বায়’লজী বিভাগত সহকাৰী অধ্যাপক হিচাপে কাম কৰিছিল।
এতিয়াৰ পৰা সংগীতা ঘোষে বেলেঘাটা আই ডি হাস্পতালত একেটা পদতে নিয়োজিত হ’ব। বৃহস্পতিবাৰে এক অধিসূচনাযোগে এই কথা ঘোষণা কৰে স্বাস্থ্য বিভাগে।
চিকিৎসালয়ৰ সূত্ৰ অনুসৰি ব্যক্তিগত কাৰণত দীৰ্ঘদিন ধৰি ছুটীত আছিল সংগীতা। ছুটীৰ পিছত এইবাৰ তেওঁ নতুন কৰ্মস্থলীত যোগদান কৰিব।
উল্লেখ্য যে, আৰ জি কৰ হাস্পতালত সংঘটিত হোৱা বিত্তীয় কেলেংকাৰীৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা সন্দীপ ঘোষ বৰ্তমান কাৰাগাৰত। অৱশ্যে পত্নীৰ বিৰুদ্ধে নাই কোনো অভিযোগ।
বিগত বৰ্ষৰ ৯ আগষ্টত আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ৰ পৰা উদ্ধাৰ হৈছিল এগৰাকী মহিলা চিকিৎসকৰ মৃতদেহ। মহিলা চিকিৎসকগৰাকীক প্ৰথমে ধৰ্ষণ কৰি পিছত হত্যাৰ অভিযোগ উত্থাপন হৈছিল।
আৰ জি কৰকে ধৰি ৰাজ্যৰ চিকিৎসা মহাবিদ্যালয়সমূহৰ কনিষ্ঠ চিকিৎসকে ধৰ্ণাত বহিছিল। লগতে উত্থাপিত হৈছিল তদানীন্তন অধ্যক্ষ সন্দীপৰ পদত্যাগৰ দাবী। আন্দোলনৰ হেঁচাত সন্দীপে নিজেই অধ্যক্ষ পদৰ পৰা পদত্যাগ কৰে।
অৱশ্যে পিছত ৰাজ্য চৰকাৰে তেওঁক ৰাষ্ট্ৰীয় চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়ে। তাতো আৰম্ভ হয় প্ৰতিবাদ। ইয়াৰ পিছতে কলিকতা উচ্চ ন্যায়ালয়ে সন্দীপক দীৰ্ঘদিনীয়া ছুটীত যাবলৈ নিৰ্দেশ দিয়ে। পৰৱৰ্তী সময়ত তেওঁক ৰাষ্ট্ৰীয় চিকিৎসা বিষয়াৰ দায়িত্বৰ পৰাও অব্যাহতি দিয়া হয়।
মহিলা চিকিৎসকৰ সৈতে হোৱা ঘটনাক লৈ চলি থকা প্ৰতিবাদৰ মাজতে বিত্তীয় দুৰ্নীতত নাম সাঙোৰ খাই সন্দীপ ঘোষৰ। ঘটনা সন্দৰ্ভত ২৫ আগষ্টৰ পুৱাই সন্দীপৰ বেলেঘাটাস্থিত ঘৰত চি বি আইৰ এটা দলে অভিযান চলাই গ্ৰেপ্তাৰ কৰে। পিছত চি বি আইয়ে আৰ জি কৰ হাস্পতালত চিকিৎসকক ধৰ্ষণ আৰু হত্যাৰ প্ৰমাণ নষ্ট কৰাৰ অভিযোগতো তেওঁক গ্ৰেপ্তাৰ কৰে।
পৰৱৰ্তী সময়ত ধৰ্ষণ আৰু হত্যাৰ প্ৰমাণ নষ্ট কৰাৰ গোচৰত তেওঁক জামিন দিয়া হয় যদিও বিত্তীয় দুৰ্নীতিৰ গোচৰত তেওঁ এতিয়াও কাৰাগাৰত আছে। নীতি বহিৰ্ভূতভাৱে সম্পত্তি ক্ৰয় কৰাৰ অভিযোগ সন্দীপ ঘোষৰ বিৰুদ্ধে।