দুৰ্দান্ত ষ্ট্ৰাইকাৰ দীপিকাৰ দুটা গ’লৰ সহায়ত মঙলবাৰে এছিয়ান চেম্পিয়নছ ট্ৰফীত ভাৰতীয় মহিলা হকী দলে দক্ষিণ কোৰিয়াক ৩-২ গ’লত পৰাস্ত কৰে।
ইয়াৰ লগে লগে টিম ইণ্ডিয়াই এই প্ৰতিযোগিতাত দ্বিতীয়টো জয় অৰ্জন কৰিছে। প্ৰথমখন খেলত ভাৰতে মালয়েছিয়াক ৪-০ গ’লত পৰাস্ত কৰিছিল।
প্ৰথমাৰ্ধত ভাৰতে ২-০ গ’লত অগ্ৰগতি লাভ কৰিছিল। তৃতীয় মিনিটত সংগীয়া কুমাৰীয়ে ভাৰতক প্ৰথমটো অগ্ৰগতি প্ৰদান কৰিছিল। ইয়াৰ পিছতে দীপিকাই ২০ মিনিটত দ্বিতীয়টো গ’ল দিয়ে।
অৱশ্যে কোৰিয়াই শক্তিশালী প্ৰত্যাৱৰ্তন ঘটাই মেচখনত ৩৪ আৰু ৩৮ মিনিটত গ’ল দি সমতা স্থাপন কৰে। কিন্তু শেষৰ কোৱাৰ্টাৰত অৰ্থাত ৫৭ মিনিটত দীপিকাই পেনাল্টি কৰ্ণাৰৰ জৰিয়তে দলটোক জয় প্ৰদান কৰে। ভাৰতে পৰৱৰ্তী মেচখন থাইলেণ্ডৰ বিৰুদ্ধে খেলিব লাগিব।
দুয়োটা দলৰ মাজত এই খেলখন আছিল অতি ৰোমাঞ্চকৰ। সমতা স্থাপন কৰাৰ পিছত দুয়োটা দলে বিজয়ী গ’লৰ বাবে যুঁজি দিছিল। দক্ষিণ কোৰিয়াই বহু চেষ্টা কৰিছিল যদিও শেষ মুহূৰ্তত টিম ইণ্ডিয়াই লাভ কৰা পেনাল্টি কৰ্ণাৰৰ জৰিয়তে দীপিকাই গ’ল দি দলটোক জয়ৰ দিশে আগুৱাই লৈ যায়।
প্ৰতিযোগিতাখনত ক্ৰমাগত দ্বিতীয় বিজয়ৰ পিছত ভাৰতে পৰৱৰ্তী মেচখন বৃহস্পতিবাৰে থাইলেণ্ডৰ বিৰুদ্ধে খেলিব।