গ্ৰাম্যাঞ্চলৰ মহিলাক ক্ৰীড়া ক্ষেত্ৰত আগুৱাই নিয়াৰ উদ্দেশ্যৰে আৰম্ভ হৈছে মহিলা ফুটবল খেলুৱৈৰ এটি প্ৰশিক্ষণ শিৱিৰ। বিশেষকৈ ৰামদিয়াৰ কৃষি প্ৰধান অঞ্চলৰ উপৰি ইয়াৰ নিকটবৰ্তী অঞ্চল সমূহত বহু শিক্ষিত মহিলা যুৱতী ক্ৰীড়াৰ লগত জড়িত থাকিও বিভিন্ন সমস্যাৰ সন্মুখীন হোৱাত নিজৰ নিজৰ ক্ৰীড়াৰ সুপ্ত প্ৰতিভা বিকাশৰ ক্ষেত্ৰত আগুৱাই যাবলৈ ভীষণ অসুবিধাৰ সম্মুখীন হব লগীয়াত পৰে। যাৰ পৰিপ্ৰেক্ষিতত ব্যতিক্ৰমী চিন্তাৰে ওলাই আহিল ৰামদিয়া অঞ্চলৰ স্বীকৃতি প্ৰাপ্ত জেষ্ঠ ফুটবল খেলুৱৈ তথা প্ৰক্ষিষণ প্ৰাপ্ত হৰিচন্দ্ৰ কলিতা।
বিশিষ্ট ক্ৰীড়াবিদ তথা ফুটবলৰ প্ৰশিক্ষণ প্ৰাপ্ত হৰিচন্দ্ৰ কলিতাৰ নেতৃত্বত হাজো, শনিয়াদি, ৰামদিয়া, টোক্ৰাদিয়া, ক্ষেত্ৰিহাৰদিয়া, আদি কেইবাখনো গাঁৱৰ ক্ৰীড়াৰ লগত জড়িত শিক্ষিত যুৱতীসকলক লৈ গামাৰী এণ্টাৰ প্ৰাইজ প্ৰাইভেট লিমিটেড নামেৰে মহিলাৰ ফুটবল খেলুৱৈ প্ৰশিক্ষণ শিবিৰ এটি ৰামদিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আৰম্ভ কৰিছে।
সপ্তাহৰ প্ৰতিদিনে অনুষ্ঠিত হোৱা এই ফুটবল শিবিৰত কেইবাগৰাগীও অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা পৰিচালিত হৈ থাকিব। অনাগত দিনত হাজোৰ পৰা এটি সুদক্ষ মহিলা ফুটবল দলৰ শ্ৰেষ্ঠ দল হিচাপে উলিয়াই অনাৰ আশা প্ৰকাশ কৰিছে উদ্যোক্তা হৰিচন্দ্ৰ কলিতাই।
মহিলা ফুটবল খেলুৱৈ সকলক সুদক্ষ ফুটবল খেলুৱৈ ধ্ৰুৱ কলিতা, মিণ্টু আলী, ত্ৰৈলোক্য পাঠক আৰু চাত্তাৰ আলীয়ে প্ৰশিক্ষণ প্ৰদান কৰিব।