“সৰস্বতৈ নমো নিত্যং ভদ্ৰকল্যৈ নমো নমঃ”
হিন্দু ধৰ্মত, বসন্ত পঞ্চমীৰ দিনটো অতি গুৰুত্বপূৰ্ণ বুলি কোৱা হয়৷ এই দিনটো বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী মা সৰস্বতীৰ নামত উৎসৰ্গিত৷ কোৱা হয় যে, এই দিনটোত সম্পূৰ্ণ ৰীতি-নীতিৰে মা সৰস্বতীক উপাসনা কৰিলে বুদ্ধিৰ বিকাশ হয় আৰু লগতে পৰিয়ালৰ সুখ-সমৃদ্ধি নিশ্চিত হয় ৷
হিন্দুসকলে বিশ্বাস কৰি আহিছে যে বিভিন্ন দেৱ-দেৱীৰ পূজা অৰ্চনা কৰিলে দেৱ-দেৱী প্ৰসন্ন হৈ বৰ প্ৰদান কৰে। হিন্দুসকলৰ তেনে এক দেৱী হৈছে মা সৰস্বতী। সৰস্বতী দেৱীৰ বিষয়ে প্ৰথমে ঋক বেদত উল্লেখ পোৱা যায় ।
সৰস্বতী হ’ল বাক্য , বুদ্ধি, বিদ্যা আৰু জ্ঞানৰ অধিষ্ঠাত্ৰী দেৱী। লগতে সংশয় বিনাশিনী , সৰ্বসিদ্ধি প্ৰদায়িনী আৰু বিশ্বৰ উপজিৱীকা স্বৰূপিনী বুলিও তেওঁক অভিহিত কৰা হয়। বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী হিচাপে হিন্দুসমাজে যুগে যুগে পালন কৰি আহিছে সৰস্বতী পূজা। শাস্ত্ৰীয় বিধান অনুসৰি হিন্দুসকলে মাঘ মাহৰ শুক্লা পঞ্চমী তিথিত সৰস্বতী দেৱীৰ পূজা পালন কৰে।
বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী হিচাপে হিন্দুসমাজে যুগে যুগে পালন কৰি আহিছে সৰস্বতী পূজা। দুয়োখন হাতত বীণা লৈ এখন হাতত পদুম ফুল আৰু আন এখন হাতত জ্ঞানৰ প্ৰতীকী পুথি লৈ ৰাজহাঁহৰ ওপৰত বহি থকা সৰস্বতী দেৱীক হিন্দু সমাজৰ আন আন দেৱ-দেৱী সকলৰ ভিতৰতেই আটাইতকৈ ধুনীয়া দেৱী বুলি অভিহিত কৰা হৈছে । হাতত বীণা লৈ থকা বাবেই তেওঁৰ অন্য এক নাম বীণাপাণি।
দেৱীভাগৱত পুৰাণ মতে, দেৱী আদ্যাপ্ৰকৃতিৰ তৃতীয় অংশত দেৱী সৰস্বতীৰ জন্ম। তেওঁ কৃষ্ণৰ জিহ্বাগ্ৰৰ পৰা উৎপন্ন হৈছে । সৰস্বতী হ’ল বাক্য , বুদ্ধি, বিদ্যা আৰু জ্ঞানৰ অধিষ্ঠাত্ৰী দেৱী। লগতে সংশয় বিনাশিনী , সৰ্বসিদ্ধি প্ৰদায়িনী আৰু বিশ্বৰ উপজিৱীকা স্বৰূপিনী বুলিও তেওঁক অভিহিত কৰা হয় ।
প্ৰাচীন কালৰে পৰা ভাৰতবৰ্ষত উপাসক দেৱ-দেৱী সকলৰ পূজা অৰ্চনা কৰি অহা হৈছে। বিদ্যা অবিহনে জগত তমশাছন্ন। গতিকে বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী হিচাপে আমাৰ হিন্দু সমাজে প্ৰতি বছৰে সৰস্বতী দেৱীৰ পূজা পালন কৰে ।
পিছে আমি শৈশৱতে বিদ্যালয়ত উদযাপন কৰি অহা সৰস্বতী পূজা আৰু বৰ্তমানৰ সৰস্বতী পূজাৰ মাজত যেন এক আকাশ- পাতাল পাৰ্থক্য। আধুনিকতাৰ ধামখুমিয়াত পুৰণি সৰস্বতী পূজাৰ মাদকতা ক্ৰমশঃ যেন ম্লান পৰি গৈছে এই কথা আমি নুই কৰিব নোৱাৰোঁ। বহুতো ক্ষেত্ৰত পূজাৰ আধ্যাত্মিক দিশটোতকৈ প্ৰতিযোগিতামূলক চিন্তাই আজিৰ সৰস্বতী পূজাক এক জাকজমক আৰু আড়ম্বৰপূৰ্ণ অনুষ্ঠানলৈ পৰিণত কৰি পেলাইছে বুলি ক’লেও বঢ়াই কোৱা নহ’ব ।
দেৱীক দৰ্শন কৰি তেওঁৰ আশীষধন্য হোৱাৰ পৰিৱৰ্তে আজিৰ যুৱসমাজ ব্যস্ত হৈ পৰিছে আধুনিক জাকজমকতাত। আধুনিকতাৰ নামত অত্যাধুনিক সাজ- পাৰ তথা আ-অলংকাৰৰ চিন্তাই সৰস্বতী পূজাৰ পূৰ্বৰ মাদকতা হেৰুৱাইছে। এক যেন অঘোষিত প্ৰতিযোগিতাৰ দৌৰাত্ম্যত এচাম সাধাৰণ আৰু মধ্যবিত্ত শ্ৰেণীৰ পৰিয়ালৰ ওপৰত মাধমাৰ সোধাইছে।এনে পৰিস্থিতিত বহুতো এনেধৰণৰ সাধাৰণ ঘৰৰ ছাত্ৰ-ছাত্ৰী মানসিক ভাৱে হীনমন্যতাত ভোগা দেখা যায় ।
গতিকে এইধৰণৰ সস্তীয়া চিন্তাক পৰিহাৰ কৰি সমাজ হিতকৰ কথাত গুৰুত্ব আৰোপ কৰি সৰস্বতী পূজাৰ আধ্যাত্মিক তত্ত্ব খিনিক অনুকৰণ কৰি নতুন প্ৰজন্মক আগুৱাই যোৱাত সহায় কৰা উচিত। সাজ পাৰেৰে সুন্দৰ হোৱাৰ পৰিৱৰ্তে মনেৰে সুন্দৰ হৈ সকলো আগুৱাই যাব পাৰিলেই সকলো হৈ উঠিব সত্য , সুন্দৰ আৰু জ্ঞানৰ পূজাৰী। কিয়নো , ভগৱানৰ অস্তিত্ব আধুনিকতাৰে নহয়, ই হৃদয়ৰ পৰাহে গ্ৰহণযোগ্য।