ভাৰতীয় ক্ৰিকেট দলৰ প্ৰতিভাৱান ক্ৰিকেটাৰ যশস্বী জয়ছোৱালে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে চলি থকা ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ বক্সিং ডে’ টেষ্টখনত এক বিশেষ অভিলেখৰ গৰাকী হ’ল। কেৰিয়াৰৰ আৰম্ভণিতে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত বিশেষ প্ৰভাৱ পেলাবলৈ সক্ষম হোৱা জয়ছোৱালে টেষ্টত এবছৰৰ ভিতৰত ১১ বাৰকৈ অৰ্ধশতকৰ সংখ্যা অতিক্ৰম কৰাৰ বিশেষ কৃতিত্ব গঢ়িবলৈ সক্ষম হয়।
এই ক্ষেত্ৰত জয়ছোৱালে স্পৰ্শ কৰিলে জী আৰ বিশ্বনাথ আৰু মোহিন্দৰ অমৰনাথৰ অভিলেখ। ১৯৭৯ চনত জী আৰ বিশ্বনাথ আৰু ১৯৮৩ চনত মোহিন্দৰ অমৰনাথে এবছৰত ১১ বাৰকৈ ৫০ ৰানতকৈ অধিক স্ক’ৰ কৰিছিল।
টেষ্ট ক্ৰিকেটৰ এটা কেলেণ্ডাৰ বছৰত ভাৰতৰ হৈ সৰ্বাধিকবাৰ অৰ্ধশতক অৰ্জন কৰা ক্ৰিকেটাৰ
১৩- বীৰেন্দ্ৰ সেহৱাগ, ২০১০
১২- শচীন তেণ্ডুলকাৰ, ২০১০
১২- সুনীল গাভাস্কাৰ, ১৯৭৯
১১- যশস্বী জয়ছোৱাল, ২০২৪
১১- জী আৰ বিশ্বনাথ, ১৯৭৯
১১- মোহিন্দৰ অমৰনাথ, ১৯৮৩