ইৰাণৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ইছমাইল বাঘেইয়ে য়েমেনৰ তৈল বন্দৰ ৰাছ ঈশাত আমেৰিকাৰ মাৰাত্মক বিমান আক্ৰমণক তীব্ৰ গৰিহণা দিছে। বৃহস্পতিবাৰে (১৭ এপ্ৰিল) য়েমেনৰ বন্দৰত আমেৰিকাৰ বিমান আক্ৰমণৰ প্ৰতি সঁহাৰি জনাই ইছমাইল বাঘেইয়ে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।
আমেৰিকাৰ এই বিমান আক্ৰমণত কমেও ৮০ জন লোক নিহত হোৱাৰ লগতে শ শ লোক আহত হয়।
ইছমাইল বাঘেইয়ে কয় যে এই আক্ৰমণ অপৰাধ আৰু ই ৰাষ্ট্ৰসংঘৰ চনদ আৰু আন্তঃৰাষ্ট্ৰীয় আইনৰ মৌলিক নীতি আৰু নিয়মৰ গুৰুতৰ উলংঘা কৰা।
য়েমেনৰ ইন্ধন বন্দৰ ৰাছ-ঈশাত আমেৰিকাৰ বিমান আক্ৰমণত মৃত্যুৰ সংখ্যা ৮০ লৈ বৃদ্ধি পায়।আনকি আহত হয় ১৫০ জন লোক। শনিবাৰে (১৯ এপ্ৰিল) হুটী পৰিচালিত স্বাস্থ্য বিষয়াসকলে এই তথ্য প্ৰদান কৰে। বৃহস্পতিবাৰে নিশা সংঘটিত হয় এই আক্ৰমণ। এইবোৰে বন্দৰটো আৰু আমদানিকৃত ইন্ধন সংৰক্ষণৰ বাবে ব্যৱহাৰ কৰা কেইবাটাও টেংকক লক্ষ্য কৰি লয়।
সংবাদ মাধ্যমৰ খবৰ অনুসৰি, এই আক্ৰমণত নিহত আৰু আহত হোৱাসকলৰ ভিতৰত ৫জন পেৰামেডিকেলৰ সদস্যকে ধৰি বন্দৰৰ কৰ্মচাৰীও আছে। ৰাছ-ঈশা বন্দৰ য়েমেনৰ লোহিত সাগৰৰ হোদেইদা চহৰৰ উত্তৰ-পশ্চিমে অৱস্থিত। হুটী গোটে দখল কৰা অঞ্চলসমূহত ইন্ধন আমদানিৰ মূল উৎস এইটোৱেই। ২০১৪ চনৰ শেষৰ ফালে চৰকাৰৰ বিৰুদ্ধে গৃহযুদ্ধ আৰম্ভ কৰা হাউথী বিদ্ৰোহীয়ে উত্তৰ য়েমেনৰ বৃহৎ অংশ নিয়ন্ত্ৰণ কৰে।
ইয়াৰ পূৰ্বে মাৰ্চ মাহৰ মাজভাগত ৱাশ্বিংটনে হাউথীৰ ঘাটিত পুনৰ আক্ৰমণ আৰম্ভ কৰে। প্ৰতিবেদন অনুসৰি ,দুয়োটা অভিযানৰ সময়ত এই বন্দৰটোত ১৪টাতকৈও অধিক বিমান আক্ৰমণ সংঘটিত হয়। ইয়াৰ ফলত আমদানিকৃত ইন্ধন মজুত থকা টেংকবোৰ ধ্বংস হোৱাৰ লগতে ব্যাপক অগ্নিকাণ্ড সংঘটিত হয়। কিছু ঘণ্টাৰ ভিতৰতে জুই নিৰ্বাপিত হোৱা বুলিও প্ৰতিবেদনত উল্লেখ কৰা হৈছে।