পাকিস্তানৰ বাবে চোৰাংচোৱাগিৰি কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হ’ল এগৰাকী ইউটিউবাৰ। গ্ৰেপ্তাৰ হোৱা ইউটিউবাৰগৰাকী হাৰিয়ানাৰ জ্যোতি মালহোত্ৰা বুলি জানিব পৰা হৈছে।
উল্লেখ্য যে, ভাৰত-পাকিস্তানৰ মাজত আৰম্ভ হোৱা সংঘৰ্ষৰ পিছৰে পৰা আৰক্ষীয়ে নিৰন্তৰভাৱে চলাই থকা অভিযানত এইপৰ্যন্ত পঞ্জাৱ আৰু হাৰিয়ানাৰ পৰা মুঠ ৬ জন পাকিস্তানী চোৰাংচোৱাক গ্ৰেপ্তাৰ কৰিছে।
বিভিন্ন ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা খবৰ অনুসৰি, জ্যোতি মালহোত্ৰাৰ সংস্পৰ্শত আছিল পাকিস্তান উচ্চায়ুক্তত কৰ্মৰত ডেনিছ নামৰ এজন বিষয়া। এই ডেনিছ নামৰ লোকজনেই ইউটিউবাৰগৰাকীক পাকিস্তানলৈ লৈ যোৱাত সহায় কৰিছিল।
স্মৰ্তব্য যে, জ্যোতি মালহোত্ৰাই নিজাকৈ এটা ট্ৰেভেল চেনেল চলায়। তেওঁ নিজৰ চেনেলটোৰ বাবে ভ্লগ বনাবলৈ পাকিস্তানলৈও গৈছিল আৰু সেই সময়ত তেওঁ ভাৰতৰ বহু গোপন তথ্য শ্বেয়াৰ কৰাৰ অভিযোগ উত্থাপন হৈছে।